কাজিৰঙাত দীৰ্ঘদিনে বিকল চেঞ্চৰ কেমেৰা পুনৰ কাৰ্যক্ষম কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ...

কাজিৰঙাত দীৰ্ঘদিনে বিকল চেঞ্চৰ কেমেৰা পুনৰ কাৰ্যক্ষম কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ...
কাজিৰঙাত দীৰ্ঘদিনে বিকল চেঞ্চৰ কেমেৰা পুনৰ কাৰ্যক্ষম কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ...

ডিজিটেল ডেস্কঃ কাজিৰঙাত বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা চেঞ্চৰ কেমেৰাসমূহ কেইবামাহ ধৰি বিকল হৈ থকাৰ লগতে এইসমূহৰ তত্বাৱধানৰ বাবে ধন নাই বন বিভাগৰ। যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য প্ৰাণীসমূহৰ জীৱনলৈ নামি আহিছে ভাবুকি।

সেয়ে দীৰ্ঘদিন ধৰি বিকল হৈ থকা এই চেঞ্চৰ কেমেৰাসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাটৰ প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসম চৰকাৰৰ বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৰা গাফিলতি সন্দৰ্ভতো অৱগত কৰিছে।

উল্লেখ্য যে, এইগৰাকী প্ৰকৃতিপ্ৰেমীৰ এক আৱেদনৰ আধাৰতে নেচনেল গ্ৰীণ ট্ৰিবিউনেলে ৰাজ্য চৰকাৰক কাজিৰঙাত অত্যাধুনিক চেঞ্চৰ কেমেৰাস্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই অনুসৰিয়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ মুঠ ৬ টাকৈ এনিমেল কৰিড'ৰত সংস্থাপন কৰা হৈছিল অত্যাধুনিক চেঞ্চৰ কেমেৰা।

প্ৰায় ১৬ কোটি টকা ব্যয়েৰে অপটিকেল কেমেৰা,থাৰ্মল কেমেৰা,স্পীড চেন্সৰ,স্পীড ৰেডাৰকে আদি কৰি ২১ বিধ বিভিন্ন সামগ্ৰীৰে ৬ টাকৈ এনিমেল কৰিড'ৰত সংস্থাপন কৰাৰ বাবে ২০১৮ চনত দায়িত্ব দিয়া হৈছিল "Dithilogic" নামৰ হায়দৰাবাদৰ এটা কোম্পানীক।

কিন্তু আশ্বৰ্যজনকভাৱে যোৱা কেইবা মাহ ধৰি বিকল হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ব্যয়বহুল কেমেৰাসমূহ। কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৯ টাকৈ এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ ঘন্টাত ৪০ কি.মি কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল।

চেঞ্চৰ কেমেৰাসমূহ Automatic Number Plate Recognizing (ANPR) হোৱাৰ বাবে গাড়ীৰ নম্বৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমণা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই‌। যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ।

কেৱল ইমানেই নহয় এনিমেল কৰিড'ৰত সংঘটিত হোৱা যিকোনো গতিবিধি,দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত। কিন্তু সকলো এতিয়া পৰিণত হ'ল ফুটুকাৰ ফেনত।হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবে এতিয়া প্ৰহসনত পৰিণত হৈছে এই কোটিটকীয়া প্ৰকল্প।

জানিব পৰা মতে যোৱা প্ৰাত ৮ টাকৈ মাহে দৰমহা লাভ নকৰাৰ বাবে হায়দৰাবাদলৈ উভতি হৈছে কোম্পানীটোৰ কৰ্মচাৰী। আনাহাতে কাঞ্চনজুৰী কৰিড'ৰত সংস্থাপন কৰা এনে এক চেঞ্চৰ কেমেৰা আঁতৰাই দিয়া হৈছে। কি কাৰণত এই কৰিড'ৰৰ পৰা চেঞ্চৰ কেমেৰা আঁতৰাই দিয়া হৈছে সেয়া জানিব পৰা নাই।

ইফালে ধনৰ অভাৱত এইদৰে চেঞ্চৰ কেমেৰাসমূহ বিকল হৈ পৰাৰ ফলত কাজিৰঙাত নিতৌ সংঘটিত হ'বলৈ ধৰিছে একাধিক বিক্ষিপ্ত ঘটনা। শেহতীয়াকৈ এক পথ দুৰ্ঘটনাত নিহত হৈছে  টুপীমূৰীয়া বান্দৰ।

যিসময়ত ধনৰ অভাৱত এই কেমেৰাসমূহ বিকল হৈ পৰিছে বুলি প্ৰচাৰ চলিছে সেই সময়তে কিন্তু কাজিৰঙালৈ কোনো ভি ভি আই পিৰ আগমণ হ'লে কোটি কোটি টকা ব্যয় কৰাৰো নজিৰ আছে। সেয়েহে ৰোহিত চৌধুৰীয়ে এইসকলো বিৱৰি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা পত্ৰত অভিযোগ কৰি লিখিছে, এইদৰে চেঞ্চৰ কেমেৰাসমূহ বিকল হ'বলৈ এৰি দি অসম চৰকাৰ বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যি গাফিলতি কৰিছে সেয়া ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলে ২০১৭ ৰ ১৭ মে'ত ৰোহিত চৌধুৰী বনাম অন্যান্য গোচৰত দিয়া ৰায়ৰ উলংঘন।

ইফালে কাজিৰঙাৰ এনিমেল কৰিডৰসমূহত চেঞ্চৰ কেমেৰাৰ গুৰুত্ব কিমান সেয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৮ আগষ্ট, ২০২৩ ত কৰা এটা টুইটে প্ৰমাণ কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে। সেই টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ হালদিবাৰীত ঢেকীয়াপতীয়া বাঘে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ এক দৃশ্য আপলোড কৰিছিল। যি দৃশ্য বন্দী হৈছিল সেই স্থানত স্থাপন কৰা চেঞ্চৰ কেমেৰাত।

কাজিৰঙাত বিকল হৈ থকা এই চেঞ্চৰ কেমাৰৰ দিশটোৰ বিষয়ে ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ৰোহিত চৌধুৰীয়ে অৱগত কৰিছে যদিও কোনো ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই। বিষয়টোক লৈ ৰাজ্যৰ বন বিভাগেও প্ৰদৰ্শন কৰা নাই কোনো গুৰুত্ব।

সেয়ে তেওঁ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰীগৰাকীক এই সম্পৰ্কে পত্ৰৰ জৰিয়তে পুনৰ এবাৰ অৱগত কৰি কাঞ্চনজুৰিৰ পৰা আঁতৰাই দিয়া চেঞ্চৰ কেমেৰাৰ লগতে বিকল হৈ থকা আন চেঞ্চৰ কেমেৰাসমূহো পুনৰ কাৰ্যক্ষম কৰি কাজিৰঙাৰ বন্য প্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে।

কাজিৰঙাত দীৰ্ঘদিনে বিকল চেঞ্চৰ কেমেৰা পুনৰ কাৰ্যক্ষম কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ...
সংসদক বিজেপি আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিণত কৰিব বিচৰা হৈছেঃ অধীৰ ৰঞ্জন চৌধুৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in