তিতাবৰৰ মাধপুৰত শীতৰ সন্ধিয়া গীত-নৃত্য, কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন...

তিতাবৰৰ মাধপুৰত শীতৰ সন্ধিয়া গীত-নৃত্য, কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন...

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ মাধপুৰত শীতৰ সন্ধিয়া গীত-নৃত্য, কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন...

তিতাবৰৰ মাধপুৰত শীতৰ সন্ধিয়া গীত-নৃত্য, কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰৰ মাধপুৰত সেউজী কানন শাখা সাহিত্য সভা, সমৃদ্ধি নাৰী সংঘ আৰু মাধপুৰ পঞ্চায়ত কাৰ্যালয়ৰ উদ্যোগত 'আঘোণৰ নৰানি গীত-নৃত্য আৰু কবিতাৰে মুখৰিত এটি মনোৰম আবেলি' শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মাধপুৰ পঞ্চায়ত কাৰ্যালয়ত সমাজকৰ্মী প্ৰিয়ংকা ফুকন, যদুমণি চুতীয়া, মৃদুলা গগৈ আদিকে ধৰি এটা দলৰ ঐকান্তিক প্ৰচেষ্টাত ৰূপায়িত অনুষ্ঠানত কুৰিগৰাকীৰো অধিক কবিৰ কবিতা পাঠ আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গীত-নৃত্য পৰিৱেশন কৰে।

Advertisment

শিক্ষক পংকজ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানত বিধায়ক ড° অমীয় কুমাৰ ভূঞা, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, কাৰ্যবাহী সদস্য বিপুল কছাৰী, সাংবাদকৰ্মী ক্ৰমে অজয় শইকীয়া, মণ্টুচ্ কোঁৱৰ, বিমান শইকীয়া, যুৱকৰ্মী ক্ৰমে ৰাজীৱ শৰ্মা, প্ৰাণজিৎ বৰকাকতী, ৰিদিপ দত্ত, চানী ৰাজখোৱা আদিৰ লগতে তিতাবৰ মহকুমাৰ ভালেসংখ্যক কবি, লেখক, সংবাদকৰ্মী, সাংস্কৃতিকপ্ৰেমী, ৰাজনৈতিক-অৰাজনৈতিক দলৰ লোক নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

Also Read: মহানগৰীৰ সোণাইঘুলীত গুলীচালনাৰ ঘটনা...

তিতাবৰ