আজি বিশ্ব বন্যপ্ৰাণী দিৱসঃ পুৱাই কাজিৰঙাত নয়নাভিৰাম দৃশ্য..

কেপ লেংগুৰ বা টুপি মুৰীয়া বান্দৰৰ ধেমালি
আজি বিশ্ব বন্যপ্ৰাণী দিৱসঃ পুৱাই কাজিৰঙাত নয়নাভিৰাম দৃশ্য..
আজি বিশ্ব বন্যপ্ৰাণী দিৱসঃ পুৱাই কাজিৰঙাত নয়নাভিৰাম দৃশ্য..

ডিজিটেল সংবাদ কাজিৰঙাঃ আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটো পালন কৰি অহা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস।

বন্যপ্ৰাণী দিৱসৰ পুৱাই কাজিৰঙাৰ এক নয়নাভিৰাম দৃশ্য৷ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত যাতায়ত কৰোতে হালধিবাৰী, কাঞ্চনজুৰি আৰু পানবাৰী অঞ্চলত সাধাৰণতে দেখা পোৱা যায় এক বিশেষ প্ৰজাতিৰ বান্দৰ ৷

সৰ্ব শৰীৰ দীঘল দীঘল নোমেৰে আৱৰি থকাৰ লগতে মুখমণ্ডলত নোম বোৰ হৈ থাকে টুপি আকৃতিৰ ৷ যাৰ বাবে এই প্ৰজাতিৰ বান্দৰক কোৱা হয় কেপ লেংগুৰ বা টুপি মুৰীয়া বান্দৰ।

সাধাৰণতে সামাজিকভাৱে বসবাস কৰা টুপি মুৰীয়া বান্দৰৰ বিচৰণ থলি মানাস ৰাষ্ট্ৰীয় উদ্যান,গিৱন অভয়াৰণ্যৰ লগতে আন কিছু বনাঞ্চল হ’লেও কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে গছত বগাই থকা দেখা পোৱা যায় একো একোটা টুপি মুৰীয়াৰ দল৷ৰাতিপুৱা গছৰ ডালে ডালে বগাই খাদ্য খোৱা তাৰ পাছত জিৰণি বা এটাৰ লগত আনটোৰ ধেমালিৰ দৃশ্য পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণীয় ৷

আজি বিশ্ব বন্যপ্ৰাণী দিৱসঃ পুৱাই কাজিৰঙাত নয়নাভিৰাম দৃশ্য..
দৰঙত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভ উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in