দৰঙত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভ উদ্বোধন...

জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ৰমেশ চন্দ্ৰ গোস্বামীয়ে শুভ উদ্বোধন কৰে এই অভিযান

author-image
Asomiya Pratidin
New Update
দৰঙত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভ উদ্বোধন...

দৰঙত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ মঙলদৈঃ দেওবাৰে দৰং জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত জিলা ভিত্তিত 'ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান'ৰ শুভ উদ্বোধনী অনুষ্ঠান মঙলদৈ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হয়৷ উক্ত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে দৰং জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ৰমেশ চন্দ্ৰ গোস্বামীয়ে।

Advertisment

উদ্বোধনী ভাষণত তেওঁ কয় যে, দৰং জিলাত শূন্যৰ পৰা ৫ বছৰ বয়সৰ মুঠ ১,৩৭,২২৮ গৰাকী শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে ৬৯৬ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ, ৬৩ টা ভ্ৰাম্যমান প্ৰতিষেধক প্ৰদান দল, মুঠ ২,৮৮৬ গৰাকী প্ৰতিষেধক কৰ্মী আৰু ১৬৩ গৰাকী পৰিদৰ্শক নিয়োগ কৰা হৈছে ৷

উক্ত অভিযানৰ সফল ৰূপায়নৰ বাবে সকলো অভিভাৱকক নিজৰ শিশুটিৰ লগতে চুবুৰীয়া শিশুক ওচৰৰ প্ৰতিষেধক কেন্দ্ৰত দুটোপাল পলিঅ' প্ৰতিষেধক খুৱাবলৈ তেওঁ অনুৰোধ জনায় ৷

উক্ত অনুষ্ঠানত দৰং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: জোনালী চৌধুৰী, জিলা প্ৰতিষেধক বিষয়া ডা: ৰূপৰেখা কলিতা, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ বিষয়া, কৰ্মচাৰীৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Also Read: 'কংগ্ৰেছ নহয়, AIUDF ৰ লগতে হ'ব আমাৰ প্ৰতিদ্বন্দিতা'- আত্মবিশ্বাসী সুৰেশ বৰা...

মঙ্গলদৈ