কাজিৰঙাৰ হস্তীবাহিনীঃ হাতী, মাউত আৰু ঘাঁচি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ বাবে বনবিভাগৰ প্ৰায় ৬০ টা হাতীৰ এক বিশাল হস্তীবাহিনী আছে ৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ হস্তীবাহিনীঃ হাতী, মাউত আৰু ঘাঁচি

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ বাবে বনবিভাগৰ প্ৰায় ৬০ টা হাতীৰ এক বিশাল হস্তীবাহিনী আছে ৷ যাৰ অবিহনে কাজিৰঙা পৰিচালনাত ব্যৰ্থ বন বিভাগ ৷ বিশাল হস্তীবাহিনীৰ একাংশই পৰ্যটকক ছাফাৰী কৰোৱাই ৰাষ্ট্ৰীয় উদ্যানত ৷ আনহাতে একাংশ হাতী নিয়োজিত অতব্য অৰণ্যৰ মাজত থকা বনকৰ্মীক ৰেচন যোগান তথা বাট-পথ অসূচল দুৰ্গম অঞ্চলত বনকৰ্মীৰ কৰ্তব্য পালন কৰাত ৷

Advertisment

ইয়াৰোপৰি উদ্যানখনত হোৱা চোৰাং চিকাৰ তথা অপৰাধজনিত কাৰ্য্যকলাপ নিয়ন্ত্ৰণত নিয়োজিত কৰা হয় একাংশ হাতীক ৷ হস্তীবাহিনীক নিয়ন্ত্ৰণৰ বাবে প্ৰতিটো হাতীৰ লগত থাকে মাউতৰ লগতে একোজন ঘাঁচি ৷ পুৱাৰ পৰা নিশালৈকে হাতীৰ পৰিচৰ্যাৰ মাজত থকা মাউত আৰু ঘাঁচিৰ মাজত গঢ় লৈ উঠা মধুৰ সম্পৰ্কৰ দৃষ্টি নন্দন দৃশ্যই আকৰ্ষিত কৰিব সকলোকে ৷ হাতীক লৈ পুৱাৰে পৰা ব্যস্ততা মাউত ঘাঁচিৰ ৷পুৱা যাৱতীয় কাম কাজৰ অন্তত নিৰাপদ স্থানত চৰিবলৈ দি সন্ধিয়া গা ধোৱাই খাদ্য যোগান দিয়াৰে পৰা হাতীক গৰম পানীৰ সেক দি তেল সনালৈকে বন বিভাগৰ এই সকলে কৰি যোৱা কামে হাতী আৰু মানুহৰ নিবিড় এক সম্পৰ্ক গঢ় দিয়ে ৷

Also Read: মৰিয়নিত শব্দৰ উদ্যোগত ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ 'দকচিৰি'

kaziranga golaghat elephant