কাজিৰঙাৰ অৰ্কিড উদ্যানে আনিছে বহাগৰ বতৰা

কাজিৰঙাৰ অৰ্কিড উদ্যানে আনিছে বহাগৰ বতৰা

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ অৰ্কিড উদ্যানে আনিছে বহাগৰ বতৰা

ডিজিটেল সংবাদ, কাজিৰঙাঃ অপাৰ সম্ভাৱনাৰ বতৰা লৈ আকৌ আহিছে হেপাঁহৰ বহাগ৷ বহাগৰ প্ৰাকক্ষণত নানা ৰঙীন ফুলেৰে জাতিস্কাৰ হৈ পৰিছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ৷ বহাগৰ প্ৰাকমুহূৰ্তত ফুলেৰে উপচি পৰা অৰ্কিড উদ্যানত ভিৰ পৰ্যটকৰ ৷ কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পিছত সিপাহকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ নানাৰঙী অৰ্কিড। যাৰ বাবে উদ্যানখৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উচাহ‌।

Advertisment

অৰ্কিড উদ্যানৰ অৰ্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই সমানেই প্ৰাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ। উল্লেখ্য যে মাৰ্চ-এপ্ৰিলৰ এই সময়তে উদ্যানখনত থকা ৭০-৮০ শতাংশ অৰ্কিড ফুলে। আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি বিলোওৱা কপৌ ফুল পাহকে লৈ উদ্যানখনৰ সকলো অৰ্কিডেই এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে ৷

উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আপদাল আৰু কঠোৰ শ্ৰমৰ ফলত এই সময়ত ফুলি উঠিছে প্ৰতিটো দুস্প্ৰাপ্য অৰ্কিড‌ৰ প্ৰজাতি। যেন ৰঙৰহে মেলা পাতিছে প্ৰতিপাহ অৰ্কিডে। বহাগৰ প্ৰাকক্ষণত এনে দৃশ্যই যেন মুখত হাঁহি বিৰিঙাই তুলিছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা পৰ্যটকৰ ৷ প্ৰতিজন লোককে অৰ্কিড উদ্যান দৰ্শন কৰাৰ বাবে নিমন্ত্ৰণ জনাইছে অখিল গগৈয়ে ৷

Also Read:  নেতৃত্বহীন হৈ  পৰিছে কংগ্ৰেছ দল

golaghat Kaziranga National Orchid Park