কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যাগত আৰম্ভ সজাগতা অভিযান...

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল কৰ্তৃপক্ষই আৰম্ভ কৰিছে এক সজাগতা অভিযান

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যাগত আৰম্ভ সজাগতা অভিযান...

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল কৰ্তৃপক্ষই আৰম্ভ কৰিছে এক সজাগতা অভিযান ৷ কেন্দ্ৰীয় চৰকাৰৰ "মিচন লাইফ ” প্ৰকল্পৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল কৰ্তৃপক্ষই আৰম্ভ কৰিছে “লাইফ ষ্টাইল ফৰ এনভাৰ’মেন্ট” শীৰ্ষক সজাগতা অভিযান ৷

Advertisment

একাংশ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত যোৱা ১৪ মে'ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া শিক্ষানুষ্ঠান সমূহত সজাগতা অভিযান আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ইয়াৰে অংশ হিচাবে অহা ২ জুনত বোকাখাতত অনুষ্ঠিত হ’ব “ক্ৰচ কান্ট্ৰি” মাৰথান প্ৰতিযোগিতা ৷

গোলাঘাট নগাঁও আৰু কাৰ্বিআংলঙ জিলা সামৰি অনুষ্ঠিত হ’ব লগীয়া মাৰথান প্ৰতিযোগিতা পুৰুষ আৰু মহিলাৰ বাবে দুটা ভাগত অনুষ্ঠিত হ’ব ৷ অহা ৫ জুনৰ বিশ্ব পৰিবেশ দিৱসত বিশেষ কাৰ্যসূচীৰে সামৰণি হ’ব এই সজাগতা অভিযানৰ ৷

Also Read: আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...

kaziranga national park awarness program