/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/47d0d79a-aef4-483b-8973-c88655205c7e/mandir.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ধৰিত্ৰী ৰজস্বলা হোৱাৰ লগে লগে বন্ধ হৈ পৰিছে মঠ-মন্দিৰৰ দুৱাৰ । অম্বুবাচীৰ প্ৰবৃত্তিৰ পূৰ্বেই সন্ধ্যা ৬ বজাত দৰ্শনাৰ্থীৰ বাবে বন্ধ হ’ল কাজিৰঙাৰ হালধীবাৰীস্থিত বুঢ়ীমাই মন্দিৰৰ দুৱাৰ ৷
নিশা ২ বাজি ৩০ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ধৰ্মীয় নিয়ম অনুসৰি সকলো ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয় ৷ সোমবাৰে বিয়লি ২ বাজি ৫৪ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে পুনৰ ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি হ'ব যদিও মঙলবাৰে পুৱাহে বুঢ়ীমাই মন্দিৰৰ দুৱাৰ মুকলি হ'ব বুলি জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷
Also Read: মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বন্যাৰ্তৰ বাবে নৌকা উপহাৰ...