আৰম্ভ হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী

আৰম্ভ হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী

ডিজিটেল সংবাদ,কাজিৰঙা : আৰম্ভ হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী ৷ ১ অক্টোবৰত ২০২৩-২৪ পৰ্যটন বৰ্ষৰ শুভাৰম্ভ কৰে অৰ্কিড উদ্যান কৰ্তৃপক্ষই ৷

Advertisment

আন বছৰৰ দৰে এইবাৰো সন্ধিয়া পৰ্যটকৰ বাবে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত লোক নৃত্যৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে অৰ্কিড উদ্যানখনত ৷ প্ৰথম দিনাই ১৪ টা লোকনৃত্যৰ প্ৰদৰ্শনেৰে সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ কৰে অৰ্কিড উদ্যানখনে ৷

আনহাতে অসমৰ পৰম্পৰাগত নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে উপস্থিত থকা বহিঃৰাজ্যৰ পৰ্যটকসকল ৷ প্ৰকৃতাৰ্থত উদুলি-মুদুলি হৈ পৰিছে কাজিৰঙাৰ গধূলি ৷

১ অক্টোবৰৰ নিশাৰে পৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত আৰম্ভ হৈছে “এনজয়” শীৰ্ষক বিশেষ সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ লগতে সত্ৰীয়া সংস্কৃতিৰো বহু সম্ভাৰ পৰিৱেশন কৰা হয়।

কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আমোদ দিয়াৰ উদ্দেশ্যেৰে বড়ো,কাৰ্বি,মিছিং,তিৱা আদিকে ধৰি বহু হেৰাই যোৱা নৃত্যৰ সৈতে প্ৰায় ১৪ বিধ জনগোষ্ঠীয় নৃত্য এতিয়াৰে পৰা প্ৰদৰ্শন কৰা হ'ব প্ৰতি সন্ধিয়া ৬ ৩০ বজাৰ পৰা ৮ ৩০ বজালৈ ৷

Also Read: যোৰহাটত উৱঁলি যোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

kaziranga ASSAM TOURISM Orchid Park