/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ea8ebdf2-7ed4-45df-91b1-44bc4566ab31/z14.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙালৈ আহি বিমুখ হৈ উভতি যাবলগীয়া হ'ল পশ্চিমবংগৰ পৰ্যটকৰ দল৷ কাৰণ বৰ্তমানেও পৰ্যটকৰ বাবে মুকলি হোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙাত ২০২৩-২৪ পৰ্যটন বৰ্ষৰ শুভাৰম্ভৰ বাবে সকলো অপেক্ষাৰত যদিও এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত বানত অনিষ্ট হোৱা বাট-পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ’লেই ৰাষ্ট্ৰীয় উদ্যানখন মুকলি হ’ব পৰ্যটকৰ বাবে৷ কিন্তু ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ মানসেৰে কাজিৰঙালৈ আগমন ঘটিছে বহু বহিৰাজ্যৰ পৰ্যটক৷
বিশেষভাৱে পশ্চিমবংগৰ বহু সংখ্যক পৰ্যটক আহিছে কাজিৰঙালৈ৷ তাৰমাজতে গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰি শনিবাৰে কাজিৰঙাত উপস্থিত হোৱা পৰ্যটকৰ এটা দলে ৰাষ্ট্ৰীয় উদ্যান দৰ্শনত বিমুখ হ’লেও অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ যঠেষ্ট প্ৰশংসা কৰে৷ কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৱেৱছাইট ব্যৱস্থাৰ প্ৰতি অভিযোগ উত্থাপন কৰি পৰ্যটকৰ দলটোৱে মন্তব্য কৰে যে, পৰ্যটকৰ বাবে কাজিৰঙাৰ ৱেবছাইট উন্নিতকৰণৰ প্ৰয়োজন আছে ৷
Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...