মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ : ব্যস্ততা বাঢ়িছে পৰ্যটন গাঁৱৰ

মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ : ব্যস্ততা বাঢ়িছে পৰ্যটন গাঁৱৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ শনিবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াকে লৈ এতিয়া কাজিৰঙাৰ এখন গাঁৱত দেখা পোৱা গৈছে বিৰামহীন ব্যস্ততা৷ তাতশালত ব্যস্ত কাজিৰঙাৰ আদৰ্শ পৰ্যটন গাঁৱৰ মহিলাসকল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া এই গাঁওখন হৈছে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃত মহ'পাৰা হস্ততাঁত আদৰ্শ পৰ্যটন গাঁও। ইতিমধ্যে শিপিনী গাঁও হিচাপে পৰিচিত হৈ পৰিছে গাঁওখন। উল্লেখ্য যে ৫ মাহৰ অন্তত পুনৰ কাজিৰঙাত আৰম্ভ হ'ব পৰ্যটন বৰ্ষ। সেইবাবে তাঁতশালত ব্যস্ত হৈ পৰিছে মহিলাসকল৷ তাঁতৰ পাটত এখন উন্নত আদৰ্শ গাঁৱৰ সপোন ৰচিছে গাঁৱৰ জীয়াৰী বোৱাৰী সকলে৷

নিজৰ গাঁওখনক আদৰ্শ গাঁও ৰূপে সজাই তোলাৰ লগতে তাঁতশালৰ মাজতে স্বাৱলম্বনৰ পথ বাচি লোৱাৰ পৰিকল্পনাত ব্যস্ত মহিলা সকল৷ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত উন্নত মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বয়ন শিল্পত মনোনিৱেশ কৰিছে মহিলা সকলে৷ কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অসমৰ থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত মহিলা সকলৰ আশা যে পৰ্যটকৰ মাধ্যমেৰে অসমৰ বয়ন শিল্পক দেশ বিদেশলৈ প্ৰসাৰ কৰিব পৰা যাব৷ তদুপৰি আমদানিকৃত বস্ত্ৰৰ সলনি থলুৱা বস্ত্ৰই বজাৰ দখল কৰিব পাৰিলে তাৰ মাজেৰে মুকলি হ’ব স্বাৱলম্বনৰ পথ।

মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ : ব্যস্ততা বাঢ়িছে পৰ্যটন গাঁৱৰ
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in