ক্ৰমাৎ হ্ৰাস পাইছে টোকোৰা চৰাই...

টোকোৰা চৰাইৰ কণী পাৰিবৰ সময় সমাগত ৷ সেয়েহে আটোমটোকাৰীকৈ বাহ সজাত ব্যস্ত হৈ পৰিছে জাক জাক টোকোৰা চৰাই ৷

author-image
Asomiya Pratidin
New Update
ক্ৰমাৎ হ্ৰাস পাইছে টোকোৰা চৰাই...

টুকুৰা চৰাই বাহ

ডিজিটেল সংবাদ, কাজিৰঙাঃ টোকোৰা চৰাইৰ কণী পাৰিবৰ সময় সমাগত ৷ সেয়েহে আটোমটোকাৰীকৈ বাহ সজাত ব্যস্ত হৈ পৰিছে জাক জাক টোকোৰা চৰাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ডোমজানত অৱস্থিত কাজিৰঙা বিটত কেইজোপামান তামোল গছত টোকোৰা চৰাইৰ ব্যস্ততাৰ মনোমোহা দৃশ্যই আপোনাৰো মন ভৰাই তুলিব।

মৰিডিফলুৰ পাৰত যেন বাহ বনোৱাৰ অঘোষিত প্ৰতিযোগিতা চলিছে টোকোৰা চৰাইৰ ৷ সাধাৰণতে প্ৰকৃতিৰ অভিযন্তা হিচাবে অভিহিত কৰা টোকোৰা চৰাইৰ বাহ বনোৱাৰ কৌশল অতি আকৰ্ষণীয় ৷ কিয়নো আন চৰাইৰ তুলনাত টোকোৰা চৰাইৰ বাহ বনোৱাৰ পদ্ধতি পৃথক ৷

একেজোপা গছতে মতা আৰু মাইকী টোকোৰাৰ বাবে নিৰ্মাণ কৰা হয় পৃথক বাহ ৷ মাইকী টোকোৰাৰ বাহটোত কণী পাৰিবলৈ থাকে সুন্দৰ ব্যৱস্থা ৷ তামোল নাৰিকল গছত একেলগে ওলমি থকা বাঁহ বোৰে সহজে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷

কিন্তু দুৰ্ভাগ্যজনক ভাৱে পূৰ্বে গাঁৱে ভূঞে সততে দেখিবলৈ পোৱা টোকোৰা চৰাইৰ ক্ৰমে হ্ৰাস পাইছে সংখ্যা ৷ প্ৰকৃতি প্ৰেমীৰ মতে উপযুক্ত পৰিবেশ আৰু তামোল নাৰিকলৰ দৰে গছ কমি যোৱাটোৱেই ইয়াৰ অন্যতম কাৰণ ৷

এই ক্ষেত্ৰত প্ৰকৃতিত টোকোৰা চৰাইৰ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে ৷ ইফালে শ শ টোকোৰা চৰাইৰ বাঁহ নিৰ্মাণ কৰি থকা পৰিবেশ উপভোগ কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে বহুজনে ৷

Also Read: বিষাক্ত সুৰাপান কৰি ১৩ জনৰ মৃত্যু, একাংশ চিকিৎসাধীন, নিলম্বিত ৪ আৰক্ষী বিষয়া

kaziranga Baya weaver