
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত বন বিভাগৰ অভিযানত জব্দ শিলভৰ্তি ডাম্পাৰ। বৈধ নথি পত্ৰ অবিহনে কলিয়াবৰৰ মিছাৰ পৰা বোকাখাতলৈ শিলখিনি সৰবৰাহ কৰিছিল ডাম্পাৰখনে।
কাজিৰঙাৰ হালধিবাৰীত বন বিভাগে নিয়মীয়া তহল দিয়াৰ সময়ত ডাম্পাৰখনৰ নথি পত্ৰ নিৰীক্ষণ কৰাত অবৈধভাৱে শিলখিনি সৰবৰাহ কৰাৰ কথা পোৰহলৈ আহে।ডাম্পাৰৰ চালকে বন বিভাগক জনোৱা মতে, ডাম্পাৰখনৰ গৰাকী বোকাখাতৰ বিজয় দাসৰ নিৰ্দেশ মৰ্মেই নথি পত্ৰ নোহোৱাকৈ শিলখিনি সৰবৰাহ কৰিছিল চালকে।
উল্লেখ্যে যে, প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকৈ ৰাজহ ফাকিৰে নিয়মীয়াকৈ কাজিৰঙাৰ মাজেৰে পাৰ হয় এনে শিলভৰ্তি ডাম্পাৰ। বন বিভাগে জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ AS05C4268।