কাজিৰঙাৰ এটা বিধ্বস্ত পথে জলা-কলা খুৱাইছে ৰাইজক...

কাজিৰঙাৰ এটি বিধ্বস্ত পথে জলা-কলা খুৱাইছে ৰাইজক । এই অৱস্থা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ এটা বিধ্বস্ত পথে জলা-কলা খুৱাইছে ৰাইজক...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ এটা বিধ্বস্ত পথে জলা-কলা খুৱাইছে ৰাইজক । ৩৭ নং ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থাই যান বাহনৰ চালকসকলক অতিষ্ঠ কৰি তোলাৰ লগতে আতংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে সাম্ভাৱ্য দুৰ্ঘটনাৰ আশংকাত সন্ত্ৰষ্ট হৈ থাকিব লগিয়া হৈছে স্থানীয় লোক সকলো ৷ বুঢ়াপাহাৰৰ পৰা নুমলীগড় পৰ্যন্ত দীঘলীয়া পথচোৱাৰ বিধ্বস্ত অৱস্থাই বিপদ সংকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে উজনি-নামনি যাতায়তী ব্যৱস্থাৰ ৷

Advertisment

পৰিণতিত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ তাৰ পাছতো চৰকাৰৰ সংশ্লিষ্ট বিভাগে পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে কাজিৰঙাবাসী। সকলোৰে অভিযোগ যে সংশ্লিষ্ট বিভাগে সকলো দেখিও নেদেখাৰ ভাও ধৰি থকাৰ বাবে দিনক দিনে পথটোৰ অৱস্থা বিপদাপন্ন হৈ পৰিছে ৷ এনেক্ষেত্ৰত স্থানীয় লোকৰ দাবী চৰকাৰে অতি শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা কৰি সাধাৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰক ৷

Also Read: পৰ্বত চাহ বাগিচাৰ মৈদামসমূহ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰাৰ অনুৰোধ...

poor road