কাজিৰঙাত কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া

কাজিৰঙাত কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া

Published on

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ২০২৪ বৰ্ষৰ কণ্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া৷ অগ্নিপূজাৰ দ্বাৰা আৰম্ভ হোৱাৰ পাছত জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি ৷

প্ৰকৃততে প্ৰতিবছৰে ফেব্ৰুৱাৰী -মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যানখনত কৰা হয় কন্ট্ৰল বাৰ্ণিং ৷ কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহবন ৷ যিহেতু ওখ ঘাঁহ বন বন্যজন্তুৰ খাদ্যৰ অনুপযোগী হোৱাৰ লগতে গা কৰি উঠা কাঠনিয়ে তৃণভূমি সংৰক্ষণত বাধাৰ সৃষ্টি কৰে ৷ যাৰবাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰে বাৰ্ণিং প্ৰক্ৰিয়া চলাই আহিছে ৷ যাতে নতুন ঘাঁহ বন সহজে গজি উঠিব পাৰে ৷

বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ খণ্ড খণ্ডকৈ অগ্নি সংযোগ কৰা হয় ৷ বাৰ্ণিঙৰ এই সময়চোৱাত বন্যপ্ৰাণীৰ অসুবিধাৰ সৃষ্টি হ’লেও নিৰাপদ স্থানলৈ সিহঁতে গতি কৰে বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ইফালে প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা কণ্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়াৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি হয় ৷ কিয়নো জ্বলাই দিয়াৰ পাছত উদ্যানখনৰ জীৱকুলৰ দৰ্শন মনোমোহা হৈ পৰে ৷

কাজিৰঙাত কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া
কাজিৰঙাৰ এখন বিদ্যালয়ে উদঙাইছে শিক্ষা ব্যৱস্থাৰ ফোপোলাস্বৰূপ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in