কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ পৰিকল্পনাৰে ৭০০টা পৰিয়ালক প্ৰশাসনৰ জাননী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ পৰিকল্পনাৰে ৭০০টা পৰিয়ালক প্ৰশাসনৰ জাননী

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ পৰিকল্পনাৰে ৭০০টা পৰিয়ালক প্ৰশাসনৰ জাননী

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ পৰিকল্পনাৰে দাঁতি কাষৰীয়া ২ নং শিলডুবিৰ বৰবিল মিচিং গাঁৱৰ ৭০০টা পৰিয়ালক মাটি এৰি দিয়াৰ বাবে প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে৷ মিচিং, চাহ জনগোষ্ঠীৰ লগতে আন খিলঞ্জীয়া লোকৰ বসতি স্থান ১নং শিলডুবি গাঁৱৰ প্ৰতিটো পৰিয়ালক জাননী যোগে ৭ লাখ ৩৬ হাজাৰ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ কথা জনোৱাৰ পাছতে গৰজি উঠিছে স্থানীয় বাসিন্দাসকল ৷

Advertisment

এই সন্দৰ্ভত শনিবাৰে ৰাইজৰ দলৰ সভাপতি তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা ৰত্নেশ্বৰ মৰাং আৰু অসম কৃষক সভাৰ নেতা প্ৰণৱ দলেৰ উপস্থিতিত বৰবিল মিচিং গাঁৱত অনুষ্ঠিত প্ৰতিবাদী সভাত ৰাইজে কোনো কাৰণতেই মাটি এৰি নিদিয়াৰ সংকল্প গ্ৰহন কৰি প্ৰয়োজন সাপেক্ষে তীব্ৰ আন্দোলন পথ লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷

Also Read: মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ : ব্যস্ততা বাঢ়িছে পৰ্যটন গাঁৱৰ

কাজিৰঙা