৯,১০ জানুৱাৰীত কাজিৰঙাত পক্ষী উৎসৱঃ বেচৰকাৰী সংস্থাক লৈ পক্ষী গণনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া...

৯,১০ জানুৱাৰীত কাজিৰঙাত পক্ষী উৎসৱঃ বেচৰকাৰী সংস্থাক লৈ পক্ষী গণনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া...
৯,১০ জানুৱাৰীত কাজিৰঙাত পক্ষী উৎসৱঃ বেচৰকাৰী সংস্থাক লৈ পক্ষী গণনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া...

ডিজিটেল সংবাদ কাজিৰঙাঃ অহা ৯ আৰু ১০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত হ’ব পক্ষী উৎসৱ ৷ সমান্তৰালভাৱে পঞ্চম বাৰৰ বাবে জলজ পক্ষীৰো গণনা কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

কিন্তু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই একাংশ বেচৰকাৰী সংস্থাকলৈ অনুষ্ঠিত কৰিব বিচৰা পক্ষী উৎসৱ তথা পক্ষী গণনাৰ বিৰুদ্ধে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই আয়োজন ৰাজহুৱা ধনৰ অপচয়ৰ এক নমুনা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই ৷

অভিযোগ মতে ৰাষ্ট্ৰীয় উদ্যানখনত পঞ্চমবাৰৰ বাবে পক্ষী গণনাৰ আয়োজন কৰা হৈছে যদিও আগৰ চাৰিটা গণনাৰ তথ্য আজিকোপতি প্ৰকাশ নকৰিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। গণনাৰ ফলাফল ৰাইজৰ জনাৰ অধিকাৰ আছে যদিও প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ সক্ষম নহ’ল বনবিভাগ ৷

এয়া চৰকাৰী ধন ব্যয় কৰি বনবিভাগে কৰা ভেঁকোভাওনা বুলিহে উত্থাপন হৈছে অভিযোগ ৷ আনহাতে সকলো ক্ষেত্ৰতে বেচৰকাৰী সংস্থাৰ শৰণাপন্ন বিভাগটোৱে পক্ষী গণনাৰ দায়িত্ব অৰ্পন কৰিছে BNHS নামৰ এটা বেচৰকাৰী সংস্থাক।

অভিযোগ মতে সংস্থাটোৱে ২০১৪-১৫ চনত কাজিৰঙাত কৰা অবৈধ কামৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ’ল ৷ এনে ক্ষেত্ৰত নেতিবাচক কৰ্মকাণ্ডৰে জড়িত থকা এটা বেচৰকাৰী সংস্থাকে পুনৰ আদৰি অনা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধেও অভিযোগ আনিছে একাংশই ৷

এতিয়া সকলোৰে দাবী পঞ্চম সংখ্যক পক্ষী গণনাৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পূৰ্বৰ চাৰিটা পক্ষী গণনাৰ তথ্য ৰাজহুৱা কৰক ।

৯,১০ জানুৱাৰীত কাজিৰঙাত পক্ষী উৎসৱঃ বেচৰকাৰী সংস্থাক লৈ পক্ষী গণনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া...
অসম ৰাইফলছ আৰু শিলচৰ NIT ৰ উদ্যোগত ১০ দিনীয়া অস্ত্ৰ প্ৰদৰ্শনী, যুৱ প্ৰশিক্ষণ কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in