কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ

ডিজিটেল সংবাদ,কাজিৰঙা : অহা ৯ আৰু ১০জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ'ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ ৷ সমান্তৰালকৈ চলিব স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা ৷

Advertisment

ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী বনসংমণ্ডল,নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত পঞ্চমবাৰৰ বাবে চলিব এই বিশেষ পক্ষী গণনা কাৰ্যসূচী‌। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষীৰ অন্যতম বিচৰণস্থলী অগৰাতলী বনাঞ্চলত কেন্দ্ৰীয়ভাৱে পক্ষী উৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষে।

কাজিৰঙাত হবলগীয়া এই গণনাত এইবাৰ দাতিকাষৰীয়া বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি গণনাত নিয়োজিত কৰা হ'ব বুলি মত প্ৰকাশ উদ্যান কৰ্তৃপক্ষৰ ৷

Also Read: পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল পুত্ৰৰ : পুত্ৰহন্তা পিতৃয়েও ল'লে চৰম সিদ্ধান্ত

kaziranga national park