উৎকট গৰম! পৰিত্ৰাণ বিছাৰি কাজিৰঙাত হাতী পোৱালিৰ জলকেলি...

উৎকট গৰম! পৰিত্ৰাণ বিছাৰি কাজিৰঙাত হাতী পোৱালিৰ জলকেলি...

ডিজিটেল সংবাদ, কাজিৰঙাঃ উৎকট গৰমে দহিছে সকলোকে ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাত হাতী পোৱালিৰ জলকেলিৰ দৃশ্যই মুহিছে সকলোকে ৷ কহঁৰা নদীত প্ৰাণঢালি উমলিছে কাকমাই, পাহাৰী আৰু জুনিয়ৰ কাৰ্তিক, ৰংমন আৰু দুই কনমাণী হাতী পোৱালীয়ে ৷ পানীৰ মাজত ইটোৰ লগত সিটোৰ দবৰা দবৰি ৷ যেন পৰীক্ষা চলিছে কাৰ কিমান শক্তি ৷ লগত ছটা হাতী পোৱালীৰে মাক ক্ৰমে ফুলমাই ,ৰুক্মিণী, ফুলনদেৱী, কাজি আৰু পদ্মিনী ৷

চালে চকুৰোৱা এই দৃশ্য কাজিৰঙাৰ কাৰ্বি পাহাৰৰ নামনিৰ হাতী পাথৰৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বিভাগীয় হাতী ফুলমাই, পদ্মিনী আৰু ৰুক্মিণী, কাজি, ফুলনদেৱী ৷ সাতমহীয়াৰ পৰা দুবছৰীয়া বয়সৰ পোৱালীকেইটাক লৈ পুৱাৰে পৰা সন্ধ্যালৈকে ব্যস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাউতসকল ৷

বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত মাউতৰ তত্ত্বাৱধানত ৰখা হৈছে মাকৰ সৈতে পোৱালি কেইটাক ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ পৰা নিৰাপদ নহয় কণমানি পোৱালি কেইটা ৷ সদায় আবেলি সকলোকে নমাই অনা হয় কহঁৰা নদীলৈ ৷ হাতীৰ এই নান্দনিক দৃশ্যত আপ্লুত হৈ পৰে হাতীৰ মাউত সকলো ৷ ইয়াৰ পাছত প্ৰশিক্ষণ ৷

ছবছৰ সম্পূৰ্ণ হ’লে প্ৰশিক্ষণ আৰম্ভ হ’ব পোৱালি কেইটাৰ ৷ বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণৰ মাজেৰে সিহঁতক সাজু কৰি তোলা হ’ব ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য পালনৰ বাবে ৷ সেইদৰে এদিন কাকমাই, পাহাৰী, জুনিয়ৰ কাৰ্তিক, ৰংমন হৈ পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতীন্দ্ৰ প্ৰহৰী ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ সুৰক্ষা প্ৰদানত সহায় কৰিব বনকৰ্মী সকলক ৷

উৎকট গৰম! পৰিত্ৰাণ বিছাৰি কাজিৰঙাত হাতী পোৱালিৰ জলকেলি...
ছাত্ৰ-ছাত্ৰীক প্ৰকৃতিপ্ৰেমীৰূপে গঢ় দিয়াৰ প্ৰয়াস প্ৰাক্তন শিক্ষকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in