ছাত্ৰ-ছাত্ৰীক প্ৰকৃতিপ্ৰেমীৰূপে গঢ় দিয়াৰ প্ৰয়াস প্ৰাক্তন শিক্ষকৰ...

ছাত্ৰ-ছাত্ৰীক প্ৰকৃতিপ্ৰেমীৰূপে গঢ় দিয়াৰ প্ৰয়াস প্ৰাক্তন শিক্ষকৰ...

ডিজিটেল সংবাদ, বৰবৰুৱাঃ প্ৰকৃতি থাকিলেহে মানুহ থাকিব সেয়া এক চিৰন্তন সত্য। প্ৰকৃতিৰ লগতে নিজৰ জীৱন গঢ় দিবলৈ প্ৰয়াস ডিব্ৰুগড়ৰ খনিকৰৰ এজন সমাজ সেৱক তথা জকাই উচ্চ মাধ্যমিক তথা বৰ্তমানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক উজ্বল বৰুৱাৰ। শিক্ষকতা জীৱন পাৰ কৰাৰ পিছতো অৱসৰৰ সময়ছোৱা নিজৰ পৰিয়ালৰ মাজতে পাৰ নকৰি শিক্ষকতাৰ সময়চোৱাত অধ্যয়নৰত ছাত্র-ছাত্ৰী সকলৰ সৈতে পাৰ কৰে তেওঁ সময়।

কাইলৈ ৫ জুন বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ বিশ্বতে পালন কৰা হ'ব এই দিৱস । কিন্তু চৰকাৰী কোনো নিৰ্দেশনালৈ ৰৈ নাথাকি নিজে পঢ়োৱা ছাত্ৰ- ছাত্ৰীসকলক লগত লৈ ডিব্ৰুগড়ৰ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ তথা জকাই বন খণ্ডৰ গাতে লাগি থকা কুৰ্মী গাওঁ সংযোগী পথত তেখেতে গছ পুলি ৰোপন কৰাৰ লগতে গছ পুলি ৰোপনৰ প্ৰাসঙ্গিকতাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক বিস্তৃত বিৱৰণ দি এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

উল্লেখযোগ্য যে জকাই অঞ্চলৰ এগৰাকী সুযোগ্য সন্তান তথা বৰ্তমানৰ প্ৰশাসনিক বিষয়া দীপাৱলি কুৰ্মী এই গাঁৱৰে এগৰাকী সুযোগ্য সন্তান আছিল।দীপাৱলি এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে গাঁৱৰে বহু ছাত্র-ছাত্ৰীক লগত লৈ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কলিয়নী কুৰ্মী গাওঁ পথত ৰোপন কৰিলে বহু গছপুলি।

ছাত্ৰ-ছাত্ৰীক প্ৰকৃতিপ্ৰেমীৰূপে গঢ় দিয়াৰ প্ৰয়াস প্ৰাক্তন শিক্ষকৰ...
মাণিকপুৰত নিশা প্ৰচণ্ড ধুমুহা-বৰষুণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in