৫০বছৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বনকৰ্মী

৫০বছৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বনকৰ্মী

ডিজিটেল সংবাদ, কাজিৰঙাঃ “এটা গুলী মোৰ কাণৰ কাষেৰে পাৰহৈ গ’ল ৷ আন এটা গুলি সতীৰ্থৰ বুকু চুই গ’ল ৷তথাপিও আমি এৰি নিদিলো ৷ আমাৰ গুলিত প্ৰাণ গ’ল দুটা চোৰাং চিকাৰীৰ ”৷অতীতৰ স্মৃতি সুঁৱৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলা অভিযানৰ লোমহৰ্ষক বিৱৰণ এগৰাকী অৱসৰপ্ৰাপ্ত বনকৰ্মীৰ ৷ দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সন্মান জনালে প্ৰাক্তন একাংশ বনকৰ্মীক ৷

কাজিৰঙা শতবৰ্ষ সমাৰোহ উদযাপন কেন্দ্ৰত আয়োজিত অনুষ্ঠানত নিজৰ কৰ্ম জীৱনৰ অভিজ্ঞতাৰ বিৱৰণ দি আৱেগিক হৈ পৰিল প্ৰাক্তন বনকৰ্মীসকল ৷ কাৰণ এটা সময়ত পৰ্যাপ্ত সা-সুবিধাৰ অভাৱ থাকিলেও সাহসেৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিছিল বনকৰ্মীসকলে ৷ দিনে নিশাই বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানত ব্ৰতি আছিল এই সকল বনকৰ্মী ৷

গভীৰ প্ৰত্যাহ্বান মাজতো কাজিৰঙাৰ অতন্দ্ৰ প্ৰহৰী এই বনকৰ্মীসকলৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ বাবে কাজিৰঙাই বিশ্ব দৰবাৰত স্থান লাভ কৰাৰ লগতে লাভ কৰিলে বিশেষ স্বীকৃতি ৷ কাজিৰঙাৰ সংৰক্ষণৰ ইতিহাসত কৰ্তব্যৰত অৱস্থাত বিভিন্ন কাৰণত প্ৰাণ ত্যাগ কৰিলে কোনোৱে ৷ ইয়াৰে ভিতৰত একাংশ চিৰ জীৱনৰ বাবে ঘূণীয়া হ’ব লগিয়াও হ’ল ৷ তথাপিও আক্ষেপ নাই তেওঁলোকৰ ৷ আজিও মনেপ্ৰাণে ভালপায় কাজিৰঙাক ৷

৫০বছৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বনকৰ্মী
ৰহাত ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰা ৩ গৰাকী কাৰাটে খেলুৱৈক সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in