ৰহাত ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰা ৩ গৰাকী কাৰাটে খেলুৱৈক সম্বৰ্ধনা...

ৰহাত ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰা ৩ গৰাকী কাৰাটে খেলুৱৈক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
ৰহাত ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰা ৩ গৰাকী কাৰাটে খেলুৱৈক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, ৰহাঃ দেওবাৰে ৰহাত নগাঁও জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুস্থিত হয় চতুৰ্থ সংখ্যাক জিলা পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতা। ৰহাৰ মহেন্দ্ৰ হাজৰিকা ভৱনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনিত অংশ গ্ৰহণ কৰে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৮০ গৰাকী খেলুৱৈয়ে ।

Advertisment

এই খেলত অংশগ্ৰহণ কৰি মেডেল লাভ কৰা সকলে এপ্ৰিল মাহত শিলচৰত অনুষ্ঠিত হ'ব লগীয়া জ'নেল পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব বুলি জানিবলৈ দিয়ে নগাঁও জিলা কাৰাটে সন্থাৰ সভাপতি গৰাকীয়ে।

এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কাৰাটে খেলত অংশগ্ৰহণ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা নগাঁও জিলাৰ তিনিগৰাকীকৈ কাৰাটে খেলুৱৈক সম্বৰ্ধনা জনাই কাৰাটে সন্থাৰ কৰ্মকৰ্তাসকলে।

ৰহা