কমাৰবন্ধাত বহিঃৰাজ্যৰ যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ আৰক্ষীৰ

কমাৰবন্ধাত বহিঃৰাজ্যৰ যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
কমাৰবন্ধাত বহিঃৰাজ্যৰ যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ আৰক্ষীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত ৰাইডঙীয়া গাঁৱৰ ৰে'লৱে লাইনৰ কাষৰ এখন পথাৰৰ মাজত মঙলবাৰে এটা মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ঘটনা অনুসৰি সোমবাৰে পুৱা ৮ মান বজাত পথাৰৰ মাজত স্থানীয় লোকে এটা মৃতদেহ পৰি থকা দেখি কমাৰবন্ধাৰ আৰক্ষীক খবৰ দিয়ে।

Advertisment

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উক্ত মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটোৰ হাফপেণ্টৰ জেপত পান কাৰ্ড, আধাৰ কাৰ্ড আৰু এখন শ্ৰম কাৰ্ড পোৱা গৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। উল্লেখ্য আধাৰ কাৰ্ডৰ মতে লোকজন অৰূপ সেন (২৯) আৰু পিতৃৰ নাম অক্ৰমান সেন।

মৃত যুৱকজনৰ পৰা উদ্ধাৰ হোৱা তথ্যপাতিত - ৫৯০ মানিক বন্দৰ, অম্বাচা, ধলাই, ত্ৰিপুৰা, পিন ৭৯৯২৮৭ আৰু যোগাযোগ নম্বৰ ৬০২৬৩২২৩৫২, ৮০১১৩২২৩৩৪ (জৰুৰী সময়ত ব্যৱহাৰ) আদি উল্লেখ আছে। ঘটনাৰ গতিবিধিলৈ চাই আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিলৰ দাবীত বৰাকত ৪৫ সংঠনৰ ধিক্কাৰ সমাবেশ

Assam police