/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e77b6fde-5d19-43f7-8a48-0409bd699111/gohpur_13.jpg)
গহপুৰত একেলগে তিনিটা ভেকছিন দিয়াৰ পিছতেই মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ...
ডিজিটেল সংবাদ ছয়দুৱাৰ: একেলগে একেসময়তে তিনিটাকৈ ভেকচিন দিয়াৰ পিছত এটি আঢ়ৈ মহীয়া কন্যা শিশুৰ শৰীৰৰ উত্তাপ বৃদ্ধি পাই মৃত্যু হোৱাৰ ঘটনাই উত্তেজনা ময় পৰিস্থিতিৰ সৃষ্টি কৰিছে গহপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ নলনীবাৰী অঞ্চলত। স্থানীয় মৰাচেঙেলী স্বাস্থ্য উপ-কেন্দ্ৰৰ এ এন এম আৰু সংশ্লিষ্ট আশা কৰ্মীৰ গাফিলতি আৰু কাণ্ডজ্ঞানহীনতাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে।
জানিব পৰামতে-মহকুমাটোৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত নলনীবাৰীৰ নিবাসী ছাহজাহান আলি আৰু পাৰবিন চুলতানাৰ আঢ়ৈ মহীয়া কন্যা সন্তান পাকিজা খাটুনক বুধবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত স্থানীয় নলনীবাৰী অংগনবাড়ী কেন্দ্ৰত ভেকচিন প্ৰদান কৰিছিল মৰাচেঙেলী স্বাস্থ্য উপ কেন্দ্ৰৰ এ এন এম লিলিমা কোঁচে।
সেই সময়ত পাকিজাক একেসময়তে একেলগে তিনিটাকৈ ভেকচিন দিয়াত মাতৃ পাৰবিন চুলতানে আপত্তি কৰিছিল যদিও এ এন এম গৰাকীয়ে তেওঁৰ কথাত অকণো গুৰুত্ব নিদি তেওঁ ট্ৰেইনিং পাছ কৰি অহা নাৰ্ছ বুলি কৈ ইটোৰ পিছত সিটো ভেকচিন সুমুৱাই গৈছিল পাকিজাৰ দেহত।
এইক্ষেত্ৰত পাৰবিন চুলতানে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে উক্ত ভেকচিন দিয়াৰ আগমূহৰ্তত এ এন এম গৰাকীয়ে পাকিজা খাটুনৰ নামৰ বিপৰীতে থকা "মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড" পৰীক্ষা কৰা নাছিল।তদুপৰি কণমানি পাকিজাৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা আৰু দেহৰ উত্তাপ নোজোখাকৈয়ে প্ৰদান কৰিছিল তিনিটাকৈ ভেকচিন।
ইয়াৰ পিছত ঘৰলৈ লৈ যোৱা হয় পাকিজাক। কিন্তু আবেলিৰে পৰা স্বাস্থ্যৰ অবনতি হ'বলৈ লয় পাকিজাৰ। ক্ৰমান্বয়ে শৰীৰৰ উত্তাপ বৃদ্ধি পোৱাৰ পিছত আজি পুৱা প্ৰায় ৩ বজাত মাকৰ কোলাতে মৃত্যু হয় কণমানি পাকিজাৰ। ভেকচিন নোলোৱাৰ আগলৈকে হাঁহি মাতি থকা কণমানি জনীৰ জীৱনলৈ ভেকচিনেই কাল অমানিষা নমাই আনিলে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে।
আজি হেলেম আৰক্ষী থানাৰ উপ পৰিদৰ্শক নৱাৰুণ গোস্বামীৰ নেতৃত্বত হেলেম আৰক্ষীৰ এটা দল নলনীবাৰীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দেৱ শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে। কাৰ গাফিলতিৰ বাবে এই ঘটনাটো সংঘটিত হ'ল তাৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গহপুৰ মহকুমা প্ৰশাসনৰ ওচৰত কঠোৰ দাবী জনাইছে স্থানীয় ৰাইজে।
যি সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে শিশুক ভেকচিন আৰু পলিঅ' প্ৰদানৰ ওপৰত বিশেষ ভাবে গুৰুত্ব দি বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ঠিক তেনে সময়তে নলনীবাৰীত সংঘটিত এই ঘটনাটোৱে এতিয়া আতংকগ্ৰস্ত কৰি তুলিছে বহু পিতৃ-মাতৃক। নিহত পাকিজা খাটুনক জন্মৰে পৰা নিয়মিত ভাবে ভেকেচিন আৰু পলিঅ' প্ৰদান কৰি অহা হৈছিল নে নাই তাৰ ওপৰত এক উপযুক্ত তদন্ত কৰিলে সকলো অনিয়ম ফাদিল হৈ পৰিব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।
আঢ়ৈ মাহত একেসময়তে একেলগে তিনিটাকৈ ভেকচিন দিয়াৰ বিধি সন্মত নিৰ্দেশনা আছে নে নাই তাৰ ওপৰতো এক তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে।
Also Read: NEET-UG ৰ শিক্ষাৰ্থীয়ে পাবনে ন্যায়? NTA ৰ বিসংগতিৰ বাবেই আকৌ হ'ব অন্যায়...