গোলাঘাটত ৪ পানী যোগান আঁচনিৰ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ...

এই আটাইকেইখন পানী যোগান আঁচনিৰ দ্বাৰা ৭০০ ৰো অধিক পৰিয়ালে নলযোগে পানী লাভ কৰিব।

author-image
Asomiya Pratidin
New Update
গোলাঘাটত ৪ পানী যোগান আঁচনিৰ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট বিধান সভা সমষ্টিৰ বিধায়িকা তথা ৰাজ্যৰ বিত্ত ও মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে জল জীৱন অভিযানৰ অধীনত গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ অন্তৰ্গত গোলাঘাট পঞ্চায়তত ৩ খন আৰু কলিয়াপানী পঞ্চায়তত এখন পানী যোগান আঁচনি উদ্বোধন কৰে।

Advertisment

মন্ত্ৰীগৰাকীয়ে গোলাঘাট পঞ্চায়তৰ লেকেতাচুক, তৰফাৎ আহোম গাঁও আৰু সোণাৰী গাঁও আৰু কলিয়াপানী পঞ্চায়তৰ কপহুৱাটিং বাগান পানী যোগান আঁচনিকেইখনৰ শুভাৰম্ভ কৰে। এই আটাইকেইখন পানী যোগান আঁচনিৰ দ্বাৰা ৭০০ ৰো অধিক পৰিয়ালে নলযোগে পানী লাভ কৰিব। ১ কোটি ২০ লাখ টকা ব্যয়েৰে ৰূপায়ণ কৰা লেকেতাচুক পানী যোগান আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাইজে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে জল জীৱন অভিযান আঁচনিখন চৰকাৰে ৰূপায়ণ কৰিছে।

এই অভিযানৰ অধীনত নিৰ্মাণ কৰা পানী যোগান আঁচনিসমূহৰ সফলতা তথা ই কিমান দীৰ্ঘস্থায়ী হয় সেয়া উপভোক্তা সমিতি আৰু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰতিটো পৰিয়ালেই এই আঁচনিখনক ৰাইজৰ আঁচনি বুলি ভাবিব লাগিব বুলিও মত প্ৰকাশ কৰি তেওঁ পানীৰ অপচয় নকৰিবলৈ সকলোকে আহ্বান জনায়। লগতে পানী সমিতিসমূহক প্ৰতি ১৫ দিন বা এমাহৰ মূৰে মূৰে পানীৰ মান আৰু প্ৰতিটো পৰিয়ালে পানী পাইছে নে নাই, বিদ্যুৎ মাচুল গাঁও পঞ্চায়তসমূহে সময়মতে আদায় দি আছেনে নাই তাৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এটা অঞ্চলে ৪ খনকৈ পানী যোগান আঁচনি লাভ কৰিছে, এই আঁচনিসমূহ যাতে ধ্বংস হৈ নাযায় সেয়া সুনিশ্চিত কৰাটো ৰাইজৰ দায়িত্ব। ৰাজহুৱা সম্পদ এটাক নিজৰ বুলি ভাবিলে নিশ্চিতভাৱে আঁচনিসমূহ দীৰ্ঘম্যাদী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, লেকেতাচুক পানী যোগান আঁচনিখনৰ দ্বাৰা অঞ্চলটোৰ ১৫০ ঘৰ মানুহ উপকৃত হ'ব।

ইয়াৰ পিছতেই তেওঁ ১ কোটি ৩৩ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা তৰফাৎ আহোম গাঁও পানী যোগান আঁচনিখন মুকলি কৰে। এই আঁচনিখনৰ দ্বাৰা আহোম চুক, মেম্বৰ চুক, গোহাঁই চুক আৰু সোণাৰী চুক অঞ্চলৰ ১৯৯ টা পৰিয়ালে পানী লাভ কৰিব। আনহাতে, ১ কোটি ২২ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সোণাৰীগাঁও পানী যোগান আঁচনিখনৰ দ্বাৰা সোণাৰী চুক অঞ্চলৰ ১৬০ টা পৰিয়ালে পানী লাভ কৰিব।

একেদৰে, ১ কোটি ২৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কপহুৱাটিং বাগান পানী যোগান আচঁনিখনৰ দ্বাৰা ২০৫ টা পৰিয়ালে নলযোগে পানী লাভ কৰিব। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মতিঅৰ ৰহমান, পদুমণি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি বৰা সন্দিকৈ, গোলাঘাট পঞ্চায়তৰ সভাপতি, পানী সমিতিৰ বিষয়ববীয়াসকল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Also Read: এজনীয়া চিকিৎসকে চলিছে তিনিমহলীয়া চিকিৎসালয়...

jala jeevan mission ajanta neog