এজনীয়া চিকিৎসকে চলিছে তিনিমহলীয়া চিকিৎসালয়...

এজনীয়া চিকিৎসকে চলিছে তিনিমহলীয়া চিকিৎসালয়...

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাজ্যত স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা। এফালে চিকিৎসালয়ত পঞ্জীয়ন মাছুল বৃদ্ধি, আনফালে চিকিৎসক বিচাৰি হাহাকাৰ অৱস্থা ৰোগীৰ ৷ ৰাজ্যৰ আন বহু চিকিৎসালয়ৰ দৰে কাজিৰঙাৰ তিনিমহলীয়া কহঁৰা আদৰ্শ চিকিৎসালয়খনো চলিছে এগৰাকী চিকিৎসকে ৷

চিকিৎসালয়খনত এজন চিকিৎসকে সেৱা আগবঢ়োৱাত ঘণ্টাৰ পাছত ঘণ্টা ধৰি শাৰীপাতি ৰ'ৱলগীয়া হৈছে ৰোগী তথা আত্মীয় ৷ ইয়াৰোপৰি চিকিৎসালয়খনত সকলো ব্যৱস্থা থকাৰ পাছতো অপাৰেটৰৰ অভাৱত প্ৰায় প্ৰতিটো কোঠাতে তলা উলমি ৰৈছে।

চিকিৎসকৰ তিনিটা কক্ষ থকাৰ পাছতো মাত্ৰ এজন চিকিৎসক দায়িত্বত থকাত শাৰীপাতি থাকিবলগীয়াটো দুৰ্ভাগ্যজনক আখ্যা ৰোগী-আত্মীয়ৰ ৷ আনহাতে একাংশ ৰোগীৰ আত্মীয়ই কয় যে, পঞ্জীয়ন মাছুল দহ টকাৰ সলনি বিশ টকাও দিবলৈ সাজু, কিন্তু চিকিৎসা সেৱা উন্নত কৰক চৰকাৰে ৷

এজনীয়া চিকিৎসকে চলিছে তিনিমহলীয়া চিকিৎসালয়...
অলংকাৰ চাফা কৰাৰ নামত প্রৱঞ্চকে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ গহনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in