
ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাৰ অস্থায়ী বনকৰ্মীসকলৰ জীৱনৰ নিৰাপত্তা নাইকিয়া কৰি বন্দুক উভতাই লোৱাৰচ দৰে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত সন্দৰ্ভত সোমবাৰে 'অসমীয়া প্ৰতিদিন'ত সবিস্তাৰে বাতৰি প্ৰকাশৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে জীপাল কৃষক-শ্ৰমিক সংঘই৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে কয় যে, বছৰ বছৰ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে জীৱন-যৌৱন উৎসৰ্গা কৰা স্থানীয় অস্থায়ী বনকৰ্মীসকলক চৰকাৰে চাকৰিৰ পৰা খেদিবলৈ যত্ন কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷
বিবৃতিটোত সংগঠনটোৱে স্পষ্টকৈ উল্লেখ কৰে যে, কাজিৰঙাক পুনৰ নিৰাপত্তাহীনতাৰ বলি কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ কু-অভিসন্ধিত লিপ্ত হৈছে অসম চৰকাৰৰ বন বিভাগ। যি সময়ত কাজিৰঙাৰ নিৰাপত্তাৰ বাবে দুৰ্গম অঞ্চলত নিজৰ জীৱনক তুচ্ছ কৰি দশক দশক ধৰি অস্থায়ী বনকৰ্মী সকলে কৰ্তব্য পালন কৰি আহিছে৷ আনকি, পেটৰ ভাতমুঠি মোকলোৱাৰ নিৰাপত্তা বিচাৰি স্থায়ী সংস্থাপনৰ দাবীত বিভিন্ন সময়ত চৰকাৰক আবেদন কৰি আহিছে, আনকি, কাজিৰঙাৰ বিভিন্ন চৰকাৰী সভাত বিভিন্ন নেতা মন্ত্ৰীয়ে এওঁলোকৰ স্থায়ী সংস্থাপনৰ প্ৰতিশ্ৰুতি দি আহিছে, তেনে প্ৰেক্ষাপটত কি গোপন এজেণ্ডাৰ স্বাৰ্থত সেই মহান বন সংৰক্ষক বনকৰ্মী সকলক নিশকতীয়া কৰাৰ অভিসন্ধিত লিপ্ত হৈছে তাক ৰাজহুৱা কৰিব লাগিব বুলি প্ৰশ্ন তুলিছে৷
সংগঠনটোৱে কয় যে, যি বনকৰ্মীৰ ত্যাগৰ বিনিময়ত কাজিৰঙা আজি বিশ্বঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পাইছে৷ সেই বনকৰ্মীক আত্মৰক্ষাৰ বাবে, চোৰাং চিকাৰীৰ পৰা ৰক্ষা পাবলৈ, দাঁতি-কাষৰীয়াক বন্যপ্ৰাণীৰ পৰা নিৰাপত্তা প্ৰদানৰ বাবে ব্যৱহাৰ কৰি অহা অস্ত্ৰ সমূহ প্ৰত্যাহাৰ কৰাৰ কোনো বৈজ্ঞানিক ভিত্তি দেখা নাই। সেই সকল বনকৰ্মী কাজিৰঙাৰ নাড়ী-নক্ষত্ৰৰ দিশ চিনি সু-প্ৰশিক্ষিত হৈ আহিছে, এতিয়া মাথো লাগিছিল চৰকাৰী স্বীকৃতি। যি সময়ত কাজিৰঙাৰ ত্যাগ বীৰস্বৰূপ অস্থায়ী বনকৰ্মী সকলক স্থায়ী সংস্থাপণ প্ৰদান কৰিব লাগিছিল, ইয়াৰ বিপৰীতে ইমান দিনে গোলামৰ দৰে ব্যৱহাৰ কৰি আজি ডিচপ'জিবল মেনলৈ ৰূপান্তৰ কৰিছে স্বয়ং চৰকাৰখনে। সেই সকল লোকক নিজ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ফলত কাজিৰঙালৈ নামি আহিব পৰা নিৰাপত্তাৰ ভাবুকি কি মেলেটেৰি নমাই দমন কৰিব নেকি বুলি জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে প্ৰশ্ন কৰে।
ইপিনে, ৰাজ্যৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি সংগঠনটোৱে কয় যে কাজিৰঙাৰ বনকৰ্মী সকল হিমন্ত বিশ্বশৰ্মাৰ জালুকবাৰী সমষ্টিৰ লোক নহয় যে জীবনৰ বিয়লিবেলা ৫৫ বছৰ বয়সতো চাকৰি সুনিশ্চিত হ'ব৷ জীপালে প্ৰত্যাহ্বান জনাই কয়, কাজিৰঙাৰ অস্থায়ী বনকৰ্মীক আজি যদি অবৈধ বিবেচনা কৰে, তেন্তে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণ অগণতান্ত্ৰিক, অ-সাংবিধানিক আৰু অবৈধ বিবেচিত হ'ব। আৰু এয়াই যদি নহয় তেন্তে আমাৰ স্থানীয় বনকৰ্মী সকল আন স্থায়ী কৰ্মীৰ সমানেই কামত অংশগ্ৰহণ কৰা দিনৰে পৰাই সকলো সুবিধা আৰু অধিকাৰ ঘূৰাই পাব লাগিব।
জীপালে কয়, আশা কৰা হৈছিল উচ্চ মেধা সম্পন্ন ব্ৰিটেইনৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ভাৰতীয় বন সেৱাৰ ড° সোণালী ঘোষ আৰু ডি এফ অ’ অৰুণ ভিগনেছৰ কাৰ্যকালত অস্থায়ী বনকৰ্মীসকলক ন্যায় দিব, স্থানীয় জনগণৰ সুযোগ সুবিধাৰ প্ৰতি সু-দৃষ্টি ৰাখি প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ সংবৰ্ধনৰ বাবে কাম কৰিব। কিন্তু আজি ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি কাজিৰঙাৰ মনস্তাত্বিক স্থিতি আওকাণ কৰি এক হঠকাৰী সিদ্ধান্তত উপনীত হৈছে, যাৰ পৰিণাম ভয়াবহ যে হ'ব ই ধূৰূপ।
জীপাল কৃষক শ্ৰমিক সংঘই ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে লগতে চৰকাৰক এনে ভয়াবহতাৰ পৰা কাজিৰঙাক উদ্ধাৰ কৰিবলৈ অস্থায়ী বনকৰ্মী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়। আনহাতে, কাজিৰঙাক অনিশ্চিত ভবিষ্যতলৈ ঠেলি নিয়াৰ বাবে সম্পূৰ্ণ আজিৰ চৰকাৰখন জগৰীয়া হ'ব, তাৰ বাবে হ'ব লগা প্ৰতিৰোধ সংগ্ৰামৰ বাবে আমি কোনো জগৰীয়া নহ'ম বুলি একপ্ৰকাৰ হুংকাৰ দিয়ে৷