সংবিধান দিৱসৰ প্ৰাকক্ষণত জে ডি এছ জি মহাবিদ্যালয়ৰ অনুষ্ঠানত বিশেষ অনুষ্ঠান...

সংবিধান দিৱসৰ প্ৰাকক্ষণত জে ডি এছ জি মহাবিদ্যালয়ৰ অনুষ্ঠানত বিশেষ অনুষ্ঠান...
সংবিধান দিৱসৰ প্ৰাকক্ষণত জে ডি এছ জি মহাবিদ্যালয়ৰ অনুষ্ঠানত বিশেষ অনুষ্ঠান...

ডিজিটেল সংবাদ বোকাখাতঃ 'সংবিধান নিৰ্দেশনসমূহ মানি চলাটো চৰকাৰীয়েই হওক অথবা বেচৰকাৰীয়েই হওক প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবেই এটা মূল দায়িত্ব৷ কাৰণ, সংবিধানেহে দেশৰ জনগণক মৰ্যাদাসম্পন্ন জীৱন দিব পাৰে৷' ২৬ নৱেম্বৰৰ সংবিধান দিৱসৰ প্ৰাকক্ষণত আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সংবিধান দিৱস উদযাপনৰ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেই এইদৰে কয়৷

দলেই কয় যে, বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতবৰ্ষৰ সংবিধানে দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ যাতে সুৰক্ষিত হয় তাৰ বাবে সকলো বিষয় স্পষ্টকৈ উল্লেখ কৰিছে৷ তেখেতে লগতে কয় যে, সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সংবিধানত উল্লেখ কৰি নাগৰিকৰ দায়িত্ববোধ বুজাই তুলিছে৷ সংবিধানৰ নীতিসমূহ সঠিককৈ পালন কৰি গ’লেই জনগণ উপকৃত হোৱাৰ লগতে দেশ দোপতদোপে আগবাঢ়ি যাব বুলিও তেখেতে নিজৰ বক্তব্যত উল্লেখ কৰে৷

উল্লেখ্য যে, ২৬ নৱেম্বৰত সংবিধান দিৱসৰ প্ৰাকক্ষণত আজি বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ, ৰাজনীতি বিজ্ঞান বিভাগ, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কাজিৰঙা অধ্যয়ন চক্ৰৰ সহযোগত মহাবিদ্যালয়ৰ ভি ডি অ’ কনফাৰেন্সিং হলত অনুষ্ঠিত কৰা হয় এক আলোচনা অনুষ্ঠান৷ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত শইকীয়াই আঁত ধৰি অনুষ্ঠানত কয় যে ২০১৫ বৰ্ষৰ পৰা উদযাপন কৰি অহা সংবিধান দিৱস সকলো ভাৰতীয়ৰ বাবেই এক প্ৰেৰণাদায়ক বিষয়৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতবৰ্ষৰ সংবিধান যুগুতাই সম্পূৰ্ণ কৰাৰ পাছত ১৯৫০ চনৰ পৰা সংবিধানখন প্ৰণয়ন কৰা হয় বুলিও তেখেতে উল্লেখ কৰে৷

অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে কয় যে, বৃহত্তৰ গণতন্ত্ৰৰ দেশ ভাৰতৰ সংবিধানত উল্লেখ থকা ভাতৃত্ববোধৰ চানেকি সমগ্ৰ বিশ্বতে বিৰল৷ সম্প্ৰতি আন আন দেশেও ভাৰতৰ সংবিধানখন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংবিধান বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছে বুলিও নিজৰ বক্তব্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গগৈয়ে উল্লেখ কৰে৷

অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° জয়ন্ত দাসে কয় যে, ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত বিষয়বোৰক অপ্ৰাসংগিক কৰি বহু সময়ত কৰা কামবোৰক সঠিকভাৱে আগুৱাই নিলেই সংবিধান সুৰক্ষিত হ’ব৷ সমতাৰ অধিকাৰ প্ৰতি মুহূৰ্তত সঠিকভাৱে জনগণে লাভ কৰিলেই সামাজিক ন্যায়ে ন্যাৰ্যতা লাভ কৰিব যিয়ে দেশৰ প্ৰতি জনগণক অধিক দায়বদ্ধ কৰি তুলিব৷

অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই বিভিন্ন মৌলিক অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেই সম্বন্ধে বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ সাহাই ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদ উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে, কেৱল ৰাজনীতি বিজ্ঞানৰ শিক্ষাৰ্থীয়েই নহয় মৰ্যাদা সম্পন্ন জীৱনৰ বাবে, চৰকাৰী পক্ষৰ পৰা প্ৰতিটো অধিকাৰ লাভ কৰিবৰ বাবে, চৰকাৰী পক্ষক ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পালন কৰাবলৈ সংবিধানৰ জ্ঞান সকলোৱে লোৱাটো প্ৰয়োজন বুলি ধ্ৰুৱজ্যোতি সাহাই উল্লেখ কৰে৷

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক শশাংক ধাৱল শইকীয়াই ভাৰতীয় সংবিধান নিৰ্মাণৰ আঁৰৰ ইতিহাস সবিস্তাৰে ব্যাখ্যা কৰে৷ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বিভিন্ন মনিষী সম্বন্ধে উল্লেখ কৰাৰ লগতে অধ্যাপক শইকীয়াই ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ বিভিন্নগৰাকী প্ৰতিনিধি, দেশৰ মহিলা প্ৰতিনিধিয়ে প্ৰদৰ্শন কৰা দায়বদ্ধতা সম্বন্ধে অডিঅ’-ভিজুৱেল মাধ্যমেৰে বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷

মহাবিদ্যালয়ৰ ড° অৰুণ বৰা, চন্দ্ৰকান্ত দাস, অনুৰাগ শাণ্ডিল্য, অমৰ মৰাং আদি অধ্যাপক, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিজু পেগু, কাজিৰঙা অধ্যয়ন চক্ৰৰ যতীন কলিতা, প্ৰীতম মুণ্ডা, মনোৰম তাছা, দিব্যজিৎবৰুৱা, মৃণ্ময় শইকীয়া, পুষ্কৰ কুৰ্মী উপস্থিত থকা অনুষ্ঠানত মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ড° শান্তিছায়া বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়৷

সংবিধান দিৱসৰ প্ৰাকক্ষণত জে ডি এছ জি মহাবিদ্যালয়ৰ অনুষ্ঠানত বিশেষ অনুষ্ঠান...
''অসমৰ চাহ-বনুৱা ভাইসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে''- মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in