জয়াপথাৰ গাঁওৰক্ষী বাহিনী গঠন...

জীৱন শইকীয়াৰ সভাপতিত্বত সভা সম্পন্ন
জয়াপথাৰ গাঁওৰক্ষী বাহিনী গঠন...
জয়াপথাৰ গাঁওৰক্ষী বাহিনী গঠন...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সৰুপথাৰ উপ জিলাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত জয়াপথাৰ গাঁৱৰ গাঁৱৰক্ষী বাহিনী সমিতি গঠন কৰা হয়।জীৱন শইকীয়াৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য বাখ্যা আৰু চিনাকী পৰ্বৰ আঁত ধৰে ক্ৰমে গাঁও প্ৰধান উমা কান্ত শইকীয়া আৰু ৰুহিনী গগৈয়ে।

সভাত গাওঁৰক্ষীবাহিনীৰ ধনশিৰি মহকুমা গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক দেৱকান্ত দাসে গাঁওৰক্ষী বাহিনীৰ প্ৰয়োজনীয়তা, দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে বিষদভাৱে অৱগত কৰে। উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰয়োজনীয়তা আৰু কৰ্তব্য সন্দৰ্ভত বক্তব্য ৰাখে।

সভাত প্ৰণৱ বৰাক সভাপতি, মন্টু বৰাক সম্পাদক, প্ৰহ্লাদ বৰা, নিতুল গগৈক নায়ক হিচাপে লৈ ২৫ জনীয়া সমিতি গঠন কৰা হয়। সভাত উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদা হাজৰীকা, ধনশিৰি মহকুমাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক দেৱকান্ত দাস উৰিয়ামঘাট থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সভাপতি কেশৱ তুলসিয়াৰী, সম্পাদক দুৰ্য্যোধন লিম্বু,উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈ উপস্থিত থাকে।

জয়াপথাৰ গাঁওৰক্ষী বাহিনী গঠন...
আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক আখ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in