আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক আখ্যা

আৰক্ষী মোতায়েনৰ জৰিয়তে ভীতি প্ৰদৰ্শনৰ অভিযোগ
আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক  আখ্যা
আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক আখ্যা

ডিজিটেল সংবাদ গুৱাহাটীঃ আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত বৃহস্পতিবাৰে হঠাতে আৰক্ষী মোতায়েন কৰাৰ বিৰুদ্ধে সৰৱ হ'ল দলৰ ৰাজ্যিক নেতৃত্ব। দেশৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত প্ৰথমে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ই ডিৰ জৰিয়তে ভুৱা গোচৰত গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী সময়ত অসমতো আপৰ বিৰুদ্ধে আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ সন্দৰ্ভত দলৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু গুৰপ্ৰীত সিং উপ্পলে চৰকাৰৰ বিৰুদ্ধে সৰৱ হয়।

দলৰ ৰাজ্যিক কাৰ্যালয়ত অসম আৰক্ষীৰ এটা বৃহৎ দলে পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈকে প্ৰায় ৪ ঘণ্টা সময় ধৰি অৱস্থান কৰে। লক্ষ্যণীয় কথাটো হ'ল এয়ে যে অসমৰ দুটাকৈ লোকসভা সমষ্টিত আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

বুধবাৰে শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু মনোজ ধানোৱাৰে মনোনয়ন দাখিল কৰে। দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন যাত্ৰাত তেজপুৰ আৰু ডিব্ৰুগড়ত প্ৰায় ১০ সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে।

মনোনয়ন দাখিলৰ ২৪ ঘন্টা অতিক্ৰম হোৱাৰ পূৰ্বেই অসম চৰকাৰে আৰক্ষীৰ হতুৱাই আপৰ নেতা-কৰ্মী, সমৰ্থকসকলক ভীতিগ্ৰস্ত কৰিবৰ বাবে এনে অপচেষ্টাত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে দলৰ মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পলে। এখন গণতান্ত্ৰিক দেশত বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা এনে ব্যৱস্থাক স্বৈৰতান্ত্ৰিক বুলি আখ্যা দিয়ে আপ, অসমৰ নেতৃত্বই।

আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক  আখ্যা
'বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী'- দুৰ্গা দাস বড়ো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in