গোলাঘাটত কংগ্ৰেছ বিধায়কৰ প্ৰতিমূৰ্তিত বেত্ৰাঘাট

গোলাঘাটত কংগ্ৰেছ বিধায়কৰ প্ৰতিমূৰ্তিত বেত্ৰাঘাট

author-image
Asomiya Pratidin
New Update
গোলাঘাটত কংগ্ৰেছ বিধায়কৰ প্ৰতিমূৰ্তিত বেত্ৰাঘাট

ডিজিটেল সংবাদ, গোলাঘাট: কংগ্ৰেছৰ নীতি আৰ্দশ বিসৰ্জন দি শাসকীয় বিজেপিৰ লগত মিতিৰালি কৰি কংগ্ৰেছৰ দলক বিশ্বাস ঘাটকতা কৰাৰ অভিযোগত দেওবাৰে গোলাঘাট জিলা কংগ্ৰেছ কমিতিয়ে ৩ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দন আহমেদ, ভাস্কৰ বৰুৱা আৰু আব্দুল বাতেন খাণ্ডেকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জিলা কংগ্ৰেছৰ সভাপতি দাদু তায়েৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন জৰুৰী সভাত বিধায়ক কেইজনৰ এনে কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তেওঁলোক বিশ্বাসঘাটক বুলি অভিহিত কৰি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপস্থিত সকলোৱে দাবী জনায়।

সভাৰ পাছতে গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দ্বীপেন বৰুৱাৰ নেতৃত্বত উক্ত তিনিওজন বিধায়কৰ প্ৰতিকৃতি কাৰ্যালয়ৰ বাৰান্দাত ওলোমাই ৰাজহুৱা ভাৱে বেত্ৰাঘাট কৰা হয়।

Also Read: বজালী উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত "মোৰ দেশ মোৰ মাটি" কাৰ্যসূচী

apcc