/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fc39adb6-5798-4e6e-840e-559f3c150f6a/z4.jpg)
ডিজিটেল সংবাদ, বজালীঃ বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰূপায়ন কৰা হয় মোৰ দেশ মোৰ মাটি কাৰ্যসূটী। এই কাৰ্যসূচীত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস। বজালী উন্নয়ন খণ্ড কাৰ্য্যলয়ৰ উদ্যোগত "অমৃত কলহ যাত্ৰা" উপলক্ষে পঞ্চায়তৰ পৰা চৌখুটী উন্নয়ন খণ্ড কাৰ্য্যলয়ত উলিওৱা হয় এক বৰ্ণিল শোভাযাত্রা।
বজালীৰ এই "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীত প্ৰায় ৫ শতাধিক মহিলাই অংশগ্ৰহণ কৰে। শোভাযাত্রাৰ পিছত মহিলাসকলৰ অংশগ্ৰহেণেৰে এখনি সভাও অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে আত্মসহায়ক গোটৰ সদস্যা, জীৱিকা সখী, বেংক মিত্ৰ, কৃষি সখি, অংগনবাড়ী কৰ্মী, আশা কৰ্মী,পঞ্চায়তৰ প্ৰতিনিধি সকল, জিলা, মণ্ডল আৰু মৰ্চাৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Also Read: চাহ জনগোষ্ঠীৰ লোকে দেখুৱালে আধ্যাত্মিকতাৰ ব্যতিক্ৰমী নিদৰ্শন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us