/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e92a3600-05ef-4b9c-a6e2-1540b1a7507e/dour.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱাই খুমটাইত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ খুমটাইৰ সেন্দুৰিটিং বাপুজী প্ৰাথমিক বিদ্যালয় আৰু সেন্দুৰিটিং ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মাৰাথন দৌৰ প্ৰতিযোগিতা ৷
বাদুলিপাৰৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈ পথত আৰম্ভ হোৱা মাৰাথনটো সেন্দুৰিটিং খেলপথাৰত সামৰণি পৰে ৷ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰায় ১৫০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি, বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
Also Read: বান্ধোনযুক্ত স্বাধীনতা