
ডাঃ হেমন্ত কুমাৰ গোস্বামী
উৰি থকা ত্ৰিৰংগালৈ চাই
সৰু ল'ৰাটোৱে সুধিলে-
পতাকাখন স্বাধীন নে ?
মই ক'লো- পতাকাখন স্বাধীনতাৰ প্ৰতীক ।
অবুজ দৃষ্টিৰে
সি পুনৰ প্ৰশ্ন কৰিলে-
পতাকাখন দেখোন বাঁহৰ খুটাত বন্দী ?
সেই প্ৰশ্নই বহু ভাৱ-অনুভূতিৰে
ভৰাই পেলালে মোৰ মন...
স্বাধীনতা মানেই বান্ধোনহীনতা নহয়,
স্বাধীনতা মানে নহয় শৃংখলহীনতা,
স্বাধীনতা মানে অনুশাসনহীনতা নহয় ,
স্বাধীনতা মানে নহয় বেপেৰোৱা ব্যক্তিত্ব
বান্ধোনৰো আন নাম হ'ব পাৰে স্বাধীনতা ,
বন্দীত্বৰ মাজতো অনুভৱ হ'ব পাৰে স্বাধীনতা।
মই মোৰ দেশৰ লগত প্ৰেমৰ বান্ধোনৰে
বান্ধ খাই থাকিব পৰা স্বাধীনতা বিচাৰোঁ।
দেশৰ সংবিধানৰ চাৰিবেৰৰ বান্ধোনত থাকি
কাম কৰাৰ স্বাধীনতা বিচাৰোঁ ।
মই আইনৰ গণ্ডীৰ মাজত বন্দী হৈ জীয়াই থকাৰ স্বাধীনতা বিচাৰোঁ ।
প্ৰাকৃতিকভাৱেও গ্ৰহ-নক্ষত্ৰৰ পৰা তৰু-তৃণলৈকে সকলোৰে মাজত আছে
অদৃশ্য বান্ধোন।
আমি তেনে বান্ধোনৰে বান্ধ খাই থকাৰ
স্বাধীনতা বিচাৰোঁ ।
যদি খুলি দিয়া হয় পতাকাৰ বান্ধোন ,
ভূপতিত হ'ব নিমিষতে ।
অথবা বতাহে উৰুৱাই লৈ যাব পলকতে
মোৰ দৃষ্টিত
উৰি থকা ত্ৰিৰঙগাক ধৰি ৰখা খুটাটো
দেশৰ দৃঢ় মেৰুদণ্ডৰ প্ৰতীক ;
আৰু সেই ৰচীডাল
প্ৰেম, ভালপোৱা আৰু সংযমৰ প্ৰতীক ।
আকাশত ত্ৰিৰংগা সদায় উৰুৱাব নোৱাৰি ;
পিছে মনৰ মাজত স্বাধীনতাৰ পতাকা
সদায় উৰুৱাব পাৰি !
তাৰ বাবে লাগে মাথোঁ
নৈতিকতাৰ একোটা দৃঢ় স্তম্ভ ,
আৰু সংযমৰ একোডাল অদৃশ্য ৰচী