/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7d4b9e1e-0beb-46af-ae83-fdd3c19a24a1/urkhao_goura_brahma.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত ৰতনপুৰৰ শিশুপানীত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ এটা উৎকৰ্ষতা কেন্দ্ৰৰ শুভাৰম্ভ কৰে। শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিত্তমন্ত্ৰী অজন্তা নেওঁগ আৰু বিধায়ক বিশ্বজিৎ ফুকনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/23d4372e-4c6a-4f54-ac39-c506f05ed4b6/1195c17e_d864_4a94_90f1_dfebcf0096d9.jpg)
শুভাৰম্ভণী কাৰ্যসূচীৰ পিছতেই মন্ত্ৰী গৌৰা ব্ৰহ্মই জয়পুখুৰী মিনি ষ্টেডিয়াম মুকলি কৰে। অনুষ্ঠানত গোলাঘাট জিলাৰ ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1c5e0705-f8f6-495a-ad19-bbd9f13b3815/8269fcbf_8c47_41e7_82a5_6f6eb8892175.jpg)
মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উঠি অহা যুৱ চামক খেলক কেৰিয়াৰ গঠনৰ আহিলা হিচাপে ল'বলৈ আহ্বান জনায়। মন্ত্ৰী অজন্তা নেওঁগে জয়পুখুৰী মিনি ষ্টেডিয়ামে খেলুৱৈসকলৰ শিক্ষণ তথা আন্তগাঁঠনিৰ বিকাশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6b0151ef-ff9b-43f7-b6fd-56233393c774/560d92df_2231_4fdd_84f3_10b99123ce13.jpg)
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে যুৱ সমাজক খেলৰ প্ৰতি আগ্ৰহী হ’বলৈ উৎসাহ যোগোৱাৰ লগতে আগন্তুক দিনত গোলাঘাট জিলাক ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/62d1681e-2351-425a-aa1f-e28cc63d2087/5a8628e9_4a39_4815_b3b8_cc1dd94c8fd1.jpg)