/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিজুৰি গুটিবাৰীত উদ্ধাৰ কৰা হৈছে এটি অৰ্দ্ধগলিত অচিনাক্ত মৃতদেহ। জানিব পৰা মতে অঞ্চলটোৰ এখন পথাৰৰ নলাৰ মাজত উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহটো।
সন্ধিয়াৰ ভাগত স্থানীয় ৰাইজে অচিনাক্ত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও এই পৰ্যন্ত মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।
Also Read: বি টি আৰত প্ৰথমবাৰ চৰকাৰীভাৱে বড়ো মাধ্যম দিৱস পালন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us