/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f73dc8a6-553f-4b81-b3f5-055f12e86ef0/116.jpg)
ডিজিটেল সংবাদ,নুমলীগড় : গোলাঘাট জিলাৰ ইতিহাস প্ৰসিদ্ধ দৈগ্ৰোঙৰ ঐতিহ্যমণ্ডিত পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শনিবাৰে শুভাৰম্ভনী অনুষ্ঠান আয়োজন কৰা হয় ৷ এই অনুষ্ঠানতে জনপ্ৰিয় গায়ক কল্লোল বৰঠাকুৰে কণ্ঠদান কৰা সমাৰোহৰ শীৰ্ষ গীত “অতীতে ৰিঙিয়াই“ গীত উন্মোচন কৰে প্ৰাক্তন শিক্ষক নৱ কুমাৰ সিঙ, কল্লোল বৰঠাকুৰ আৰু গীতিকাৰ কাকলি কন্দলীয়ে ৷
প্ৰাক্তন শিক্ষক, বৰ্তমানৰ শিক্ষক আৰু কেইবা শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শুভাৰম্ভনী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে, ১৯৫৯ চনতে প্ৰতিষ্ঠা কৰা হৈছিল বিদ্যালয়খন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3165423d-9d63-4941-bc28-93f92de64460/44cd5ac1_c884_4e92_937b_735551f4b159.jpg)
উক্ত বিদ্যালয়খনত শিক্ষাগ্ৰহণ কৰি বিভিন্ন ঠাইত সিচৰিত হৈ থকা প্ৰাক্তন শিক্ষাৰ্থীসকলে উক্ত অনুষ্ঠানৰ দ্বাৰাই একেখন মঞ্চত সমবেত হোৱাৰ প্ৰয়াস কৰে ৷ চলিত বৰ্ষৰ নবেম্বৰ - ডিচেম্বৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷