/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/776e1a27-84a6-4c69-9ae2-712da0356c75/115.jpg)
ডিজিটেল সংবাদ,কামপুৰ : শনিবাৰৰ পৰা ৬দিনীয়াকৈ কামপুৰৰ ঐতিহাসিক বিষ্ণুপুৰী থান আয়োজন কৰা হৈছে দৌল মহোৎসৱৰ। উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো কামপুৰ কাৱৈমাৰী আঞ্চলিক বিষ্ণুপুৰী থান প্ৰাংগনত ২৩,২৪,২৫,২৬,২৭ আৰু ২৮ মাৰ্চ ৬ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী বিষ্ণ মেলা আৰু দৌল উৎসৱটি আয়োজন কৰা হৈছে।
উল্লেখ্য যে ৪৭ সংখ্যক বৰ্ষত খোজ পেলোৱা এই ঐতিহ্যমণ্ডিত মহোৎসৱ ভাগৰ আজি ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীকান্ত নাথে ।ইয়াৰ পিছতে জালজৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ বৰাই মাঙ্গলিক শোভাযাত্ৰা উদ্বোধন কৰে।
মাংগলিক শোভাযাত্ৰাই কামপুৰৰ যমুনামুখৰ কপিলীপাৰ ধৰ্মীয় অনুভুতি জাগ্ৰত কৰি তোলে। কামপুৰ কাৱৈমাৰীত হোৱা এই মহোৎসৱত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।
ইয়াৰোপৰি এই উৎসৰৱ এইবাৰৰ বিশেষ আৰ্কষণ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত আধুনিক অংকীয়া নাট "কুৰুক্ষেত্ৰত পুত্ৰ হত্যাৰ প্ৰতিশোধ" আৰু আমন্ত্ৰিত নাট্যদল "বৃন্দাবন থিয়েটাৰ" নাট প্ৰদৰ্শন। ৬দিনীয়াকৈ অনুষ্ঠিতব্য এই মহোৎসৱ ভাগলৈ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।
Also Read: ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ বাৰ্ষিক অধিৱেশন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us