/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3f365db9-4214-44f0-93b6-903614f3234f/bala.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ বৰপথাৰত বন বিভাগৰ সহযোগত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ । দিনে নিশাই বন বিভাগৰ চকুত ধুলি দি কৰ ফাকিৰে এটা দুষ্ট চক্রই বালি সৰবৰাহ কৰি থকাৰ বিষয়ে একাধিক অভিযোগ উত্থাপিত হৈ আহিছিল।
এই অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰি বন বিভাগে বৰপথাৰ -চিলনীজান সংযোগী পথত এখন অবৈধ নথিপত্ৰ বিহীন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে । বন বিভাগে জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ হ'ল AS 05 AC 3182।
ইপিনে গাড়ীখনত অতিৰিক্ত বোজা কঢ়িওৱা পৰিলক্ষিত হৈছে। এনেদৰে বহু দিনৰ পৰাই চৰকাৰ তথা বন বিভাগক কৰ ফাকি দি এই ডাম্পাৰসমূহ চলাচল কৰি আছে। পৰৱৰ্তী সময়ত এই কৰ ফাকি দি বালি কঢ়িওৱা ডাম্পাৰসমূহৰ ওপৰত বন বিভাগে কি ব্যৱস্থা লয় সেয়াহে লক্ষ্যনীয় হ'ব।
Also Read: তিনিচুকীয়াত ৫ জিলা আৰক্ষী অধীক্ষকৰে জি পি সিঙৰ বিশেষ বৈঠক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us