বোকাজানত বুজন পৰিমাণৰ অপিআম জব্দ...

বোকাজানত বুজন পৰিমাণৰ অপিআম জব্দ...
বোকাজানত বুজন পৰিমাণৰ অপিআম জব্দ...

ডিজিটেল সংবাদ বোকাজানঃ শনিবাৰে খটখতি আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ ভিত্তিত নিয়মীয়া তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা NL07-AA-3057 আৰু BR06-GF-6731 নম্বৰৰ দুখন বাহনত তালাচী চলাই বুজন পৰিমাণৰ অপিআম জব্দ কৰিবলৈ সক্ষম হয়।

খটখতিয়ে আৰক্ষীয়ে দুয়োখন বাহনৰ পৰা ৭ কেজিতকৈ অধিক অপিআম জব্দ কৰিছে। ইয়াৰোপৰি আটক কৰিছে এই অপিআমখিনিৰ সৰবৰাহকাৰীকেইটাক।

জানিব পৰা মতে আৰক্ষীয়ে আটক কৰা চাৰি সৰবৰাহকাৰী বাহন দুখনৰ চালক আৰু হেণ্ডিমেন। তেওঁলোক ক্ৰমে খটখতি খাৰিয়া বস্তিৰ তাৰবীৰ গুৰুং,মণিপুৰৰ সাগৰ ঢুংগানা,বিহাৰৰ গণেশ যাদৱ আৰু সুনীল কুমাৰ সিং। নামৰ চাৰিটা সৰবৰাহকাৰীক আটক কৰে।

ধৃত সৰবৰাহকাৰী কেইটাই অপিআমখিনি অতি কৌশলেৰে এখন বাহনৰ কেবিনত কম্বলেৰে মেৰিয়াই আৰু আনখনত চালকৰ আসনৰ পাছফালে লুকুৱাই অনাৰ কথা আৰক্ষীয়ে সদৰী কৰিছে।

বোকাজানত বুজন পৰিমাণৰ অপিআম জব্দ...
কনকলতা বৰুৱাৰ বাসগৃহত মন্ত্ৰী বিমল বৰাঃ ছহিদগৰাকীৰ নামত প্ৰচলন হ'ব ডাক টিকত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in