/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1951e426-11b4-47ef-836f-4c52c3c4236d/2.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ পদূলিমূখত হেঁপাহৰ ৰঙালী বিহু ৷ চৌদিশে চলিছে বিহুৰ ব্যাপক প্ৰস্তুতি ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ চিলাপথাৰৰ শ্ৰীপানিতো চলিছে প্ৰস্তুতি। মহাবাহু সংঘৰ উদ্যোগত যোৱা ১৫ মাৰ্চৰ পৰা দহ দিনিয়াকৈ অনুষ্ঠিত হোৱা বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰিল ।
শ্ৰীপানি বিহু তলিত অনুষ্ঠিত কৰ্মশালাত পাঁচ শতাধিক যুৱক-যুৱতীৰ পৰা কণ-কণ শিশুলৈকে অংশগ্ৰহণ কৰা দেখা গ'ল। ঢোল আৰু পেঁপাৰ মাতত ৰজন জনালে বিহুৰ বাকৰি। মন পৰশা বিহু নামৰ চেঁৱে চেঁৱে কঁকাল ভাঙি নাচিলে বিহু বলিয়া প্রশিক্ষাৰ্থীসকলে।
দহ দিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য প্ৰশিক্ষক হিচাপে ২০২১ চনৰ DY বিহুৰাণী নিৰ্জুমা কাকতি, বিশিষ্ট ঢোলবাদক দিপক গগৈৰ লগতে সহযোগী প্ৰশিক্ষকসকলক কৰ্মশালাত অংশ গ্ৰহণ কৰা কণ-কণ শিশু আৰু কিশোৰীসকলে হাতে হাতে ফুলাম গামোচা আৰু তামোল-পাণৰ শৰাই আগবঢ়াই আশীৰ্বাদ লৈ কৰ্মশালাৰ সফল সমাপ্তি ঘটাই।
Also Read: ফাকুৱাৰ আনন্দৰ মাজতে চেলা চাৰিকঢ়িয়া নদীত পৰি সন্ধানহীন এজন