দেৰগাঁৱৰ বাছ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰীঃ বিতৰণ কৰিলে চেক...

দেৰগাঁৱৰ বাছ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰীঃ বিতৰণ কৰিলে চেক...
দেৰগাঁৱৰ বাছ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰীঃ বিতৰণ কৰিলে চেক...

ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত দেশ কপাই যোৱা বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ কাষত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। প্ৰায় কুৰিদিনৰ পাছত দুৰ্ভগীয়া গাওঁখনৰ ৰাইজে মুখ্যমন্ত্ৰীক কাষত পাই পুনৰ হুকহুকাই কান্দি উঠে।

উল্লেখ্য যে, ৩ জানুৱাৰীৰ পুৱা দেৰগাঁৱৰ সমীপৰ বালিজানত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল ১১ জনকৈ লোকৰ। নতুন বছৰ উপলক্ষে তিনিচুকীয়াত তিলিঙা মন্দিৰ দৰ্শন কৰাৰ লগতে বনভোজলৈ গৈছিল কমাৰবন্ধা বচা ভৰলুৱা গাঁৱৰ প্ৰায় ৪৫ জনকৈ লোক।

যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পাছতে কয়লা ভৰ্তি এখন ট্ৰাকৰে মুখামুখি সংঘৰ্ষত পতিত হৈ থিতাতে প্ৰাণ হেৰুৱাইছিল ১১ জনকৈ লোকে। বাছখনৰ চালককে ধৰি একেখন গাঁৱৰে শিশু, মহিলাসহ ১০ জনকৈ লোকে প্ৰাণ ত্যাগ কৰা এই দুৰ্ঘটনাই দেশজুৰি শোকৰ বন্যা বিয়পাইছিল।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট ভ্ৰমণ কৰাৰ সময়তে এই দুৰ্ভগীয়া গাওঁখনৰ ৰাইজৰ কাষত গৈ উপস্থিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক আঢ়ৈ লাখকৈ টকাৰ চেক বিতৰণ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই বচা ভৰলুৱা গাঁৱৰ নিতু শইকীয়াৰ বাসগৃহৰ চৌহদত উপস্থিত হৈ মৃতকৰ পৰিয়ালসকলক সাক্ষাৎ কৰে। এই সাক্ষাৎৰ সময়তে মৃতকৰ পৰিয়ালৰ লোকসকল শোকাকুল হৈ কান্দোনত ভাঙি পৰে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে পৰিয়াল কেইটাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰে।

ইয়াৰ পাছতে তেওঁ সাংবাদিকৰ আগত কয়, ''আজি মই এই দুৰ্ভগীয়া গাওঁখনলৈ আহি নিহতৰ পৰিয়ালক সাক্ষাৎ কৰিলোঁ। আঘাতপ্ৰাপ্তসকলৰ সৈতেওঁ কথা পাতি তেওঁলোকৰ আশুআৰোগ্য কামনা কৰিলোঁ। আমি যিধৰণে পাৰোঁ তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিম।''

ইয়াৰোপৰি তেওঁ আহতসকলৰ চিকিৎসাৰ সন্দৰ্ভত কয়, ''আহতসকলক আমি চিকিৎসাৰ ব্যৱস্থা কৰিছিলোঁ। ভৱিষ্যতেও যিসকল গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক চিকিৎসাৰ ক্ষেত্ৰত য'তেই, যেনেকৈ হওঁক আমি সহায় কৰি যাম। ভৱিষ্যতে যেন এনেকুৱা ঘটনা আৰু কেতিয়াও নঘটে তাৰ বাবে সকলোকে সজাগ, সচেতন হৈ থাকিবলৈ আহ্বান জনালোঁ।'' উল্লেখ্য, মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত তেওঁক সংগ দিয়ে মন্ত্ৰী অজন্তা নেওঁগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

দেৰগাঁৱৰ বাছ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰীঃ বিতৰণ কৰিলে চেক...
ৰাজপথৰে যোৱা যাত্ৰাক লৈ গ'ল মানুহৰ মাজলৈ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in