কাজিৰঙাৰ গড় হত্যাকলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত উচ্চস্তৰীয় বৈঠক...

বৈঠকত কাজিৰঙাত সংঘটিত গঁড় হত্যাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয় । বৈঠকৰ পাছত সঞ্চালকগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মাৰ্চ মাহৰ ১৬ বা ১৭ তাৰিখে সংঘটিত হৈছিল গঁড় হত্যা ।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত শেষ হোৱা নাই ৰদ-বদল; এইবাৰ গুৱাহাটীৰ কেইবাখনো থানাৰ OCক বদলি

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত বৈঠক

ডিজিটেল সংবাদ, কাজিৰঙাঃ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত বুধবাৰে কাজিৰঙাত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় । বৈঠকত মাজুলী গোলাঘাট নগাওঁ বিশ্বনাথ শোনিতপুৰ জিলাৰ আৰক্ষী অধিক্ষক আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে ।

Advertisment

বৈঠকত কাজিৰঙাত সংঘটিত গঁড় হত্যাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয় । বৈঠকৰ পাছত সঞ্চালকগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মাৰ্চ মাহৰ ১৬ বা ১৭ তাৰিখে সংঘটিত হৈছিল গঁড় হত্যা ৷ ইতিমধ্যে গঁড় হত্যাৰ ক্লু পোৱা হৈছে । চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ । ভিতৰুৱা দুৰ্গম অঞ্চল হোৱা বাবে বন বিভাগে খৱৰ পোৱাত পলম হৈছে ।

লগতে তেওঁ কয় মাছমৰীয়াৰ বেশত অহা চোৰাং চিকাৰীৰ সন্দৰ্ভত আলোচনা হৈছে । অৱশ্যে মাছমৰীয়াসকলেও মাছ মাৰিয়ে জীৱিকা আহৰণ কৰি আহিছে বহু দিনৰে পৰা ।

Also Read: বৰুৱাহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণৰ কামৰ শুভাৰম্ভণি...

#GPshing #KAJIRANGANATIONALPARK