/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/230c1b74-1e81-4c25-ad86-64030406424c/15.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ মঙলবাৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত অসমীয়া অভিধান হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি আৰু বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা হেমচন্দ্ৰ বৰুৱা পথস্থিত তেওঁৰ মূৰ্তিৰ সমীপত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7ed91f47-d067-41b4-b896-5155b21505e0/af110955_9505_4a66_ac62_2b445abc2890.jpg)
উক্ত অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা বোলছবি পৰিচালক দীনেশ গগৈ,বিশিষ্ট অভিনেতা সুনীন ৰাজগুৰু,বিশিষ্ট সমাজ কৰ্মী জীতেন কাকতি,গোলাঘাট পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈ, সাধাৰণ সম্পাদক গিৰিণ বৰা আৰু অন্যান্য বিষয়ববীয়া তথা সদস্য দীপমণি খাটনীয়াৰ, সপোন তামুলী,মৃদুল গোস্বামী,অমিত নাগৰি,চুলতান আলী উপস্থিত থাকি ভাষাৰ ওজা গৰাকীক গভীৰ শ্ৰদ্ধা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/58ad3d42-d6c1-4864-b8d7-9608b78bc524/6280f82c_a82a_43db_907b_5fa9323d09e0.jpg)
পৰৱৰ্তি সময়ত দিনৰ ১২ বজাৰ পৰা গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগণত বক্তৃতানুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া,সদস্য সকলৰ লগতে বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মূল বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক ডা: অজিত বৰুৱাই। বক্তৃতাত তেওঁ খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ অসম আগমন আৰু অসমীয়া ভাষা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ সংগ্ৰামময় জীৱনৰ ওপৰত বিস্তৃত্ব ভাৱে আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/27a09979-3eaf-4a83-9f03-a7612d3988b0/bb18fd57_dffe_4a61_83b0_72258689a0f9.jpg)
উল্লেখ্য যে, হেমচন্দ্ৰ বৰুৱাই পিতৃৰ মৃত্যুৰ পাছত কিদৰে প্ৰতিকূল পৰিবেশৰ মাজতো ইংৰাজী শিকি অসমীয়া ব্যাকৰণৰ লগতে হেমকোষ ৰচনা কৰি উলিয়াইছিল সেই সন্দৰ্ভত সৰল বৰ্ণনা দাঙি ধৰে। সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ হৈ বৰ্ণিল খাটনীয়াৰে ভাষাৰ ওজা গৰাকীৰ বিষয়ে এক মনোগ্ৰাহী বক্তৃতা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰথমজন সাহিত্যৰথী ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষা স্মৃতি ৰেখা বৰাই। শেষত শলাগৰ শৰাই আগবঢ়াই সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰিশ বৰাই।
Also Read: নগাঁৱত বসন্ত উৎসৱঃ সত্ৰীয়া শিল্পী বিহুৰাম শইকীয়ালৈ কলংপৰীয়া শিল্পী বঁটা