কাজিৰঙাত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ...

সহপাঠী চিকিৎসক (১৯৮৭) উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত বাগৰিত আয়োজন কৰা হয় স্বাস্থ্যপৰীক্ষা শিবিৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ সহপাঠী চিকিৎসক (১৯৮৭) উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত বাগৰিত আয়োজন কৰা হয় স্বাস্থ্যপৰীক্ষা শিবিৰ। উদ্যানখনৰ ২ শতাধিক বনকৰ্মী, বিষয়া-কৰ্মচাৰীৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয় এই শিবিৰত ।

Advertisment

উল্লখ্যে যে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৯৮৭ চনত উত্তীৰ্ণ বহুকেইগৰাকী চিকিৎসকে একত্ৰিতভাৱে গঠন কৰিছে "সহপাঠী" নামৰ এটা স্বেচ্ছাসেৱী সংগঠন। এই সংগঠনটোৰ উদ্যোগতে কাজিৰঙাত অনুষ্ঠিত হয় এই স্বাস্থ্যপৰীক্ষা শিবিৰ। প্ৰায় ১১ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় বনকৰ্মীসকলৰ বাবে।

Also Read: কামৰূপ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযানৰ আৰম্ভণি...

kaziranga national park health camp