কামৰূপ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযানৰ আৰম্ভণি...

কামৰূপ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযানৰ আৰম্ভণি...

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযানৰ আৰম্ভণি...

ডিজিটেল সংবাদ, কামৰূপঃ কামৰূপ জিলা গ্ৰাম্য প্ৰশাসনৰ উদ্যোগত তথা জিলা কৃষি বিভাগৰ সহযোগত সোমবাৰৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে আয়োজন হৈছে “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযান”। আজি পুৱা ১০ বজাৰ পৰা জিলাখনৰ সোণতলি কৃষি চক্ৰৰ অন্তৰ্গত মাহতলি গাঁও পঞ্চায়তত থকা সোণতলি বজাৰত থকা সমূহীয়া ভৱনত আৰম্ভ হোৱা এই বিশেষ শিবিৰৰ প্ৰথমটো দিনত প্ৰায় এহাজাৰ কৃষক উপস্থিত থাকে ।

Advertisment

উক্ত শিবিৰত কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া তথা পি এম কিষাণৰ ন'ডেল বিষয়া জ্যোতিপ্ৰসাদ দাস, সোণতলি আৰু নগৰবেৰাৰ কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী আৰু ৰাজস্মিতা হাজৰিকা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া আমজাদ আলি আহমেদ, সহযোগী আয়ুক্ত, এ চি এচ মানৱ জ্যোতি দাস, একাউণ্ট অফিচৰ জুৰি বৰ্মন, মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত, বকো মহকুমাৰ অন্তৰ্গত সকলো কৃষি উন্নয়ন খণ্ডৰ অন্যান্য বিষয়া- কৰ্মচাৰীসকল, ডাকঘৰৰ বিষয়াসকলৰ লগতে সমূহীয়া সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে । এই শিবিৰত পি এম কিষাণৰ হিতাধিকাৰীসকলৰ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধান কৰা হয় । সোমবাৰেও সোণতলি বজাৰৰ সমূহীয়া ভৱনৰ লগতে হাজো ৰাজহ চক্ৰত থকা গাওঁবুঢ়া ভৱনতো এই শিবিৰ অনুষ্ঠিত হ'ব।

Also Read: গোৱালপাৰা বিজেপি কৰ্মীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হাছানুৰ ইছলামক...

Pradhan Mantri Kisan Samman Nidhi