গোলাঘাটৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম...

নাচিম আখটাৰৰ আদালতে আজি ৩ আচামীক যাৱজ্জীৱন কাৰাদণ্ড বিহে
গোলাঘাটৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম...

ডিজিটেল সংবাদ, গোলাঘাট: ২০০৬ চনৰ ১৩ জানুৱাৰীত গোলাঘাটৰ ফৰকাটিং ৰেলৱে জংচনত সংঘটিত হোৱা এজন CRPF জোৱানৰ হত্যাকাণ্ডৰ ৰায়দান দিলে গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে। নাচিম আখটাৰৰ আদালতে আজি ৩ আচামীক যাৱজ্জীৱন কাৰাদণ্ড বিহে। উল্লেখ যোগ্য যে, হত্যাকাণ্ডটোৰ লগত জড়িত দুজন হত্যাকাৰীৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মৃত্যু হৈছে।

ঘটনা অনুসৰি ২০০৬ চনৰ ১৩ জানুৱাৰীৰ নিশা ১০ বজাত ৬১ নং CRPF বেটালিয়নৰ জোৱান চহিদুল ইছলামে ছুটী লৈ ৰে'লেৰে ঘৰলৈ বুলি আহি ফৰকাটিং ৰে'ল জংচনত নমাৰ পাছতে তিনি যুৱকে চুৰিৰে হানি-খুচি হত্যা কৰিছিল। যুৱক তিনিজন আছিল ক্ৰমে সঞ্জীৱ নাথ, দুলু শ‌ইকীয়া আৰু দেৱজিত শ‌ইকীয়া।

ঘটনাৰ পাছতে তিনি অভিযুক্তৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত পৰিয়ালে এক গোচৰ ৰুজু কৰে। ভাৰতীয় দণ্ডবিধিৰ গোচৰ নং ৩০২ ধাৰাৰ অধীনত গোলাঘাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত মজিয়াত চলিছিল বিচাৰ প্ৰক্ৰিয়া। সাক্ষী প্ৰমাণ গ্ৰহণ কৰাৰ পাছত আজি একমাত্ৰ জীৱিত অভিযুক্ত দেৱজিত শ‌ইকীয়াক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়ো। লগতে আদালতে ১০ হাজাৰ টকাৰো জৰিমনা বিহে আৰু জৰিমনা অনাদায়ে আৰু ৬ মাহৰ অতিৰিক্ত কাৰাদণ্ডৰো হুকুম দিয়ে।

গোলাঘাটৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম...
ভগ্নীস্নেহ! ৰাহুল গান্ধীৰ পদ খাৰিজত উভতি ধৰিছে প্ৰিয়ংকা গান্ধীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in