ড্ৰাগছৰ চক্ৰৰ কবলত পৰি গোলাঘাটৰ যুৱকৰ মৃত্যু

ড্ৰাগছৰ চক্ৰৰ কবলত পৰি গোলাঘাটৰ যুৱকৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
ড্ৰাগছৰ চক্ৰৰ কবলত পৰি গোলাঘাটৰ যুৱকৰ মৃত্যু

ডিজিটেল সংবাদ,গোলাঘাটঃ ড্ৰাগছ চক্ৰৰ কৱলত পৰি পুনৰ গোলাঘাটত এজন যুৱকৰ মৃত্যু হোৱা ঘটনা সংঘটিত হৈছে। অভিযোগ মতে এক দুষ্ট চক্ৰই ড্ৰাগছ খুৱাই হত্যা কৰিলে চাহাবুদ্দিন হুছেইন নামৰ যুৱক গৰাকীক। এই হত্যাকাণ্ডত জড়িত তিনি গৰাকী যুৱকক সহযোগিতা আগবঢ়াইছিল দুই যুৱতীয়েও।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ১ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হোৱা ঘটনাত মৃত্যু হোৱা যুৱক গৰাকীৰ নাম চাহাবুদ্দিন হুছেইন । চেন্নাইত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত চাহাবুদ্দিন হুছেইনে হঠাতে পত্নীক ফোন কৰি ১ ফেব্ৰুৱাৰী দিনৰ ভাগতে গোলাঘাটৰ ইছলামপট্টিত থকা বাসগৃহত উপস্থিত হৈছিল।

সেইদিনাই চাহাবুদ্দিনৰ বন্ধু ৰুপু হুছেইনে চাহাবুদ্দিনক লৈ গৈছিল নাজিম আহমেদৰ ড্ৰাগছৰ ঘাটিলৈ আৰু তাতে আছিল চলনাময়ী দুই সুন্দৰীয়ো। সুন্দৰীৰ চলাহী কথাত ভোল যোৱা চাহাবুদ্দিনক কৌশলৰে খুৱাইছিল বৰবিহ ড্ৰাগছ।

প্ৰথমে ড্ৰাগছ ল'বলৈ অমান্তি হোৱা চাহাবুদ্দিনক আক্ৰমণ কৰিছিল তেওঁলোকে আৰু অৱশেষত ড্ৰাগছৰ ঘাটিতে অকাল মৃত্যু হয় চাহাবুদ্দিনৰ। তাৰ পিছত চাহাবুদ্দিনৰ লগত থকা বৃহৎ পৰিমাণৰ টকা লুন্ঠন চলাই নিশাই মৃতদেহটো এএচ -০৩ জি ৫১৬৯ নম্বৰৰ বাহনখনৰে লৈ গৈ পেলাই দিছিল গোলাঘাটৰ শালমৰা বাইপাচৰ সমীপৰ পৰিত্যক্ত স্থানত।

পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি হত্যাকাণ্ডত জড়িত নাজিম আহমেদ,ৰুপু হুছেইন,সঞ্জু খান,ইৰফানা খান,আৰু আচমা খানক গ্ৰেপ্তাৰ কৰে।

ইফালে চাহাবুদ্দিন হুছেইনৰ পৰিয়ালে এতিয়া চকুলো টুকি ন্যায় বিচাৰি হত্যাকাৰীৰ কঠোৰ শাস্তিৰ কামনা কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Also Read: অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং

assam