গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ড : অভিযুক্ত নজিবুৰৰ মাতৃ-ভাতৃক গ্ৰেপ্তাৰ

গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ড : অভিযুক্ত নজিবুৰৰ মাতৃ-ভাতৃক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ড : অভিযুক্ত নজিবুৰৰ মাতৃ-ভাতৃক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,গোলাঘাট : যোৱা ২৪ জুলাইত দিনদুপৰতে গোলাঘাটত সংঘটিত হৈছিল ট্ৰিপল মাৰ্ডাৰৰ লোমহৰ্ষক ঘটনা। এই বৰ্বৰ হত্যাকাণ্ডই সমগ্ৰ অসমকে জোকাৰি গৈছে।

Advertisment

একেটা পৰিয়ালৰ ৩গৰাকী সদস্যক হত্যা কৰাৰ অপৰাধত অভিযুক্ত নাজিবুৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাক গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে উক্ত ঘটনাৰ অনুসন্ধানৰ বাবে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে বৃহস্পতিবাৰে এটা ৮জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) মৃন্ময় দাসৰ নেতৃত্বত এই অনুসন্ধান কাৰী দলটো গঠন কৰা হৈছে।

অন্যহাতে বুধবাৰে আটক কৰা অভিযুক্ত নাজিবুৰৰ ভাতৃ হিজবুৰ আৰু মাতৃ ছালেহা বেগমক বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইফালে চি আই ডিৰ দলে আজিও ঘটনাস্থলীলৈ গৈ তথ্য প্ৰমাণৰ সন্ধান কৰে।

Also Read: কাজলগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদ

Golaghat Police Assam police