অমানৱীক! দৈয়াং নদীত গা-ধুৱাৰ দোষত শাস্তি শিশুক...

সামান্য কথাতেই টেঙানীৰ এটি শিশুক অত্যাচাৰ কৰাৰ অভিযোগ এজনলোকৰ বিৰুদ্ধে। শুকুৰবাৰে গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি শিশুটিক...
অমানৱীক! দৈয়াং নদীত গা-ধুৱাৰ দোষত শাস্তি শিশুক...

ডিজিটেল সংবাদ, গোলাঘাট : সামান্য কথাতেই এটি শিশুক অমানৱীক অত্যাচাৰ এজন লোকৰ। টেঙানী নিকৰি গাঁৱৰ এজন লোকে এটি শিশুক অত্যাচাৰ কৰাৰ অভিযোগ পৰিয়ালৰ। শিশুটিৰ নাম বাস্তৱ পেগু।

মাতৃৰ অভিযোগ অনুসৰি যোৱা শনিবাৰে লগৰ ল’ৰাৰ সৈতে বাস্তৱে দৈয়াং নদীত গা-ধুবলৈ যায়। দুয়ো বন্ধুয়ে গা-ধুই থকাৰ বাবেই বন্ধুৰ পিতৃ জিতুল মিলিয়ে অত্যাচাৰ চলাই বাস্তৱক। প্ৰায় ৪ ঘণ্টা সময় আঠুকাঢ়ি থোৱাৰ লগতে ঘৰলৈকে আঠুকাঢি় যাবলৈ দিয়াত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাস্তৱ পেগু নামৰ শিশুটি।

ইয়াৰ পিছতে প্ৰায় ৬ দিনৰ অন্তত শুকুৰবাৰে বাস্তৱ পেগুক পুৱা ১০ বজাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰা হয়। তদুপৰি চিকিৎসকে চিকিৎসালয়ত ভৰ্তি হোৱাৰো পৰামৰ্শ দিয়ে।

আনহাতে আৰ্থিক অনাটনৰ বাবে এসপ্তাহৰ পিছতহে গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ সমৰ্থ হোৱা বুলি মাতৃগৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান গোলাঘাটৰ অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত আছে শিশুটি।

অমানৱীক! দৈয়াং নদীত গা-ধুৱাৰ দোষত শাস্তি শিশুক...
SCERT Scam: কেলেংকাৰীৰে জড়িত আন তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in